বটদ্ৰৱাত পুনৰ আন এজন বাবাৰ আবিৰ্ভাৱ।
এইবাৰ লাও বাবা,চুমা বাবা অথৱা বস্তা বাবা নহয় এইবাৰ ওলাইছে হাতত ত্ৰিশূল মুৰত টুপী লোৱা বাবা।
অৱশেষত বাবাই নিজেই এৰিলে বাবাৰ ছদ্মবেশ।
ধিং, ৬ নৱেম্বৰ : হাতত ত্ৰিশূল মূৰত টুপী, দীঘল চুলি পিন্ধনত সন্যাসীৰ ভেষ। পিছে ৰব এইজন প্ৰকৃত বাবা নহয় এইজন এজন নকল বাবেহে। এইজন বাবাৰুপী লোকজনৰ নাম হবিবুৰ ৰহমান । তেওঁৰ ঘৰ কদমনিত।
এইজন বাবাই বিগত বহুদিন ধৰি ছদ্ম বেশ ধৰি ধিং তথা বটদ্ৰৱাৰ বিভিন্ন অঞ্চলত সহজ সৰল ৰাইজক প্ৰতাৰণা কৰি আহিছিল। আনকি সময়ে সময়ে কৰি কৰিছিল বেজালিও। এই বাবাৰুপী হবিবুৰ ৰহমানে আশ্ৰয় লৈ আছিল ধিং থানাৰ অন্তৰ্গত ছালনাবড়ি গাঁওৰ এজন লোকৰ ঘৰত।
আজি সমগ্ৰ ঘটনা ছালনাবড়ি অঞ্চলৰ ৰাইজে গম পাই বাবাজনে আশ্ৰয় লৈ থকা লোকজনৰ ঘৰত উপস্থিত হৈ সোধপোছ কৰাত প্ৰকৃত তথ্য পোহৰলৈ আহে আৰু এই নকল বাবাজনেও তেওঁৰ সমগ্ৰ কৰ্ম-কাণ্ডৰ কথা স্বীকাৰ কৰে । লগতে তেওঁ নিজ ইচ্ছাই ৰাইজৰ আগত আজি।ছদ্মৱেশ ত্যাগ কৰে।
Pls Comment & share