মোবাইলৰ ফোনৰ মেলা! দুটা মোবাইল চোৰ, এজন আৰক্ষী বিষয়া ..............
ধিং, ৬ নৱেম্বৰ : নগাঁও অৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত চহৰ খনৰ হয়বৰগাঁৱৰ এটা ভাড়া ঘৰত অভিযান চলাই ১৩৪টা চুৰি স্মাৰ্টফোন (SmartPhone) উদ্ধাৰ কৰে ।
নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বাহিনীয়ে এক বৃহৎ মোবাইল চুৰি গেং উৎখাত কৰিবলৈ সক্ষম হয়। ১৩৪টা চুৰি স্মাৰ্টফোন উদ্ধাৰ কৰাৰ লগতে বহিঃৰাজ্য ঝাৰখণ্ডৰ পৰা আহি নগাঁৱত বাহৰ পাতি থকা দুই মোবাইল চোৰৰ গেং লিডাৰ দুটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
শুকুৰবাৰে নিশা ধৃত ৰাজকুমাৰ ননিয়া আৰু চনু কুমাৰ ননিয়াই বৃহৎ পৰিমাণৰ এই চুৰি মোবাইল ফোন বিলাক পেকিং কৰি ডিমাপুৰলৈ বিক্ৰী কৰাৰ পৰিকল্পনা কৰি থকাৰ সময়তে নগাঁও আৰক্ষীয়ে চুৰি মোবাইলফোন বিলাক জব্দ কৰাৰ লগতে যুৱক দুজনকো গ্ৰেপ্তাৰ কৰে।
এই মোবাইল ফোন বিলাক নগাঁৱৰ বিভিন্ন স্থানত চুৰি হোৱা বুলি জানিব পৰা গৈছে। অভিযানৰ সময়ত ধৃত যুৱক দুজনে অভিযানৰ সময়ত অভিযানকাৰী বিষয়া তৰংগ পাটোৱাৰীক ২ লাখ টকাৰ উৎকোচ দিবলৈ চেষ্টা কৰে যদিও বিষয়া গৰাকীয়ে প্ৰলোভনত ভোল নগৈ বিষয়টো আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক অৱগত কৰাৰ লগতে গেংটোৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰে।
এই ক্ষেত্ৰত আজি আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই তদন্তকাৰী বিষয়াজনক প্ৰশংসাৰে উপচাই পেলাই। সম্প্ৰতি নগাঁও আৰক্ষীয়ে যুৱক দুজনক অধিক তথ্য উদঘাটনৰ বাবে জেৰা অব্যাহত ৰাখিছে।
নগাওঁ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বাহীনি বিফলতাৰ গুৰুত্বৰ অভিযোগ ।আৰক্ষীক অঙ্গুস্থ প্ৰৰ্দশন কৰি থানাৰ সন্মুখতে চোৰে লুট-পাট কৰি দেখুৱালে চোৰৰ বীৰত্ব ।একেনিশাই কেইবাখনো দোকানত চোৰে লুট-পাত কৰি জ্বলাই দিলে দুখনকৈ দোকান ।
ধিং, ৬ নৱেম্বৰ : নগাওঁ জিলাৰ পশ্চিমাঞ্চলৰ ধিঙত ধাৰাবাহিক ভাৱে চোৰে চলাই গৈছে তাণ্ডৱ । বিগত কেইবামাহ ধৰি ধিঙৰ বিভিন্ন অঞ্চলত দিনে নিশাই চলি থকা চুৰি কাণ্ডক লৈ চিন্তিত হৈ পৰিছে ধিংবাসী ৰাইজ ।
কিন্তু বৰ্তমানলৈকে ধিং আৰক্ষীয়ে এজন চোৰকো চিনাক্ত বা কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই । উল্লেখনীয় বিষয় যে, ধিং আৰক্ষী বিষয়া সকলে দৈনিক গ্ৰহণ কৰা ভোজনৰ হোটেল খনৰ পৰাও চোৰে চলোৱা চাফাই অভিযানক লৈ আতংকিত সৰ্বসৰ্বসাধাৰণ ৰাইজ । কোন দিশে গতি কৰিছে ধিং আৰক্ষী ?
নামত হে আছে নেকি ধিং আৰক্ষী ? বিফল হৈছে নেকি নগাওঁ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বাহিনী ? তাকে লৈ আতংকিত হৈ পৰিছে ধিং বাসী ৰাইজ ।
ধিং আৰক্ষীৰ এনে ব্যৰ্থতাক লৈ এতিয়া সৰ্বত্তে চৰ্চাৰ বিষয় হৈ পৰিছে । নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক এই ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ আহ্বান ধিং বাসী ৰাইজে ।
Pls Comment & share