নিশাৰ এন্ধাৰত অসংযত অৱস্থাত উদ্ধাৰ দুই কিশোৰ সহ বিবাহিত মহিলা ।
ৰাইজৰ সোধ-পোছ কৰাত কিশোৰ দুজনে অবৈধ কামত লিপ্ত হোৱা বুলি সাংবাদিকৰ আগত স্বীকাৰোক্তি দিয়ে। ৰয়েল ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰী আব্দুল ছালামে ৰাইজক অন্ধকাৰত ৰাখি বন কৰা ছোৱালীৰ নামত চলাই আছিল এই অবৈধ ব্যৱসায় । বহুদিনৰ পৰাই উক্ত হোটেলখনত অবৈধ দেহ ব্যৱসায়ৰ কাম চলি থকাত স্থানীয় ৰাইজে খৰ্গহস্ত হৈ কালি আটক কৰিবলৈ সক্ষম হয় গ্ৰাহকৰূপী দুজনকৈ কিশোৰৰ লগতে এগৰাকী বিবাহিতা মহিলাক। বৰ্তমান কিশোৰ দুজনৰ লগতে বিবাহিতা মহিলা গৰাকীক স্থানীয় ৰাইজে কলগাছিয়া আৰক্ষীক চমজাই দিয়ে । জানিব পৰা মতে কিশোৰ দুজনৰ ঘৰ বৰপেটা জিলাৰ মইনবড়ী আৰক্ষী চকীৰ অন্তৰ্গত জয়পুৰৰ বাসিন্দা আৰু যুৱতী গৰাকীৰ ঘৰ দৰং জিলাৰ মঙ্গলদৈৰ ।
Pls Comment & share