চান্দা জীৱিৰ বিৰুদ্ধে ৪৮ ঘণ্টাই কঠোৰ আৰক্ষী : চান্দা তুলি আৰক্ষীৰ জালত দুই জাতীয় সংগঠনৰ নেতা।
চান্দা সংস্কৃতিৰ বিৰুদ্ধে এতিয়া অধিক কঠোৰ হোৱা দেখা গৈছে অসম আৰক্ষী। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই আজি শিৱসাগৰত জাতীয় সংগঠনৰ নামত চান্দা তোলা দুই সদস্যক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। জানিব পৰা মতে টাইপা’ৰ সদস্য দুয়োজন। শিৱসাগৰ আৰক্ষীয়ে যোৱাকালি নিশা গ্ৰেপ্তাৰ কৰে দুয়োকে। দাবী-ধমকি দি চান্দা তোলাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে শিৱসাগৰ আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা দুয়োগৰাকীৰ নাম ক্ৰমে সুনীল চাংমাই আৰু শৈলেন চাংমাই। শিৱসাগৰ সদৰ থানাত ৰুজু হোৱা 1351/2021 Noগোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ 384 ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে দুয়োকে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে চান্দাৰ অপ-সংস্কৃতিক বিৰুদ্ধে এতিয়া অধিক সক্ৰিয় হৈ পৰিছে অসম আৰক্ষী।
Pls Comment & share