গেৰুৱাময় হব নেকি ১২৬ সমষ্টয়েই ? মুখ্যমন্ত্ৰীৰ জালত কোনে কোনে দিছে ভৰি ?
ৰাজনীতি….. এই শব্দটো যেন এতিয়া নিকা ভাৱমুৰ্তিসম্পন্ন, নীতি-আদৰ্শৰে পৰিপূৰ্ণ লোকৰ বাবে হৈ থকা নাই। একাংশ নীতি-আদৰ্শহীন নেতাৰ দপ দপনিত থৰকাছুটি হেৰুৱাইছে নীতিক সাৰোগত কৰি ৰাজনীতি কৰা নেতাসকলে।
ইতিমধ্যে, মুখ্যমন্ত্ৰীগৰাকীয়ে পতা বিৰোধী শূণ্য কৰা জালত ভৰি থৈ বিৰোধী কেইবাগৰাকী নেতা-বিধায়ক বিজেপিলৈ ঢাপলি মেলি পুনৰ সেই সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে ।
উদাহৰণস্বৰূপে আমি নাম ল’ব পাৰো থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁই, মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, ভবানীপুৰ সমষ্টিৰ ফণীধৰ তালুকদাৰৰ।
তিনিওজনে শাসকীয় দললৈ জপিওৱাৰ কিছু দিন পূৰ্বলৈকে বিজেপিৰ নীতিৰ বিৰুদ্ধে সৰৱ হৈ আছিল । আনকি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীকো সমালোচনাৰে থকা সৰকা কৰিছিল তিনিওজনে।
কোনেও সপোনতো ভাবিব পৰা নাছিল যে তেওঁলোক এনেদৰে এটা ৰাতিৰ ভিতৰতে বিজেপিলৈ হাই জাম্প মাৰিব। ব্যতিক্ৰম নহয় বিত্ত, সমাজ কল্যাণ দপ্তৰৰ মন্ত্ৰীৰ দায়িত্বত থকা প্ৰাক্তন কংগ্ৰেছী নেত্ৰী অজন্তা নেওগো ।
মুখ্যমন্ত্ৰীয়ে ৰচনা কৰা বিৰোধী শূণ্য জালত বেয়াকৈ ফাঁচিল এইসসমূহ ‘চেঙেলী মাছৰ’ দৰে নেতা।
আপুনি শুনিলে আচৰিত হ’ব শাসনৰ ক্ষমতা উপভোগৰ বাবে এতিয়া বিজেপিলৈ আহিবলৈ ঠেং দাঙি আছে বহু কংগ্ৰেছী বিধায়কে। চৰ্চাত বহু বাঘা বাঘা কংগ্ৰেছী নেতাৰ নাম আছে।
তাৰ ভিতৰত অন্যতম তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱাৰ নাম। তাৰ পাছতে চৰ্চাত আছে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ভুমিধৰ বৰ্মণৰ পুত্ৰ দিগন্ত বৰ্মণৰ নাম।
ঠিক সেইদৰে ছয়গাওঁ সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদৰ নামো চৰ্চালৈ নহা নহয়। শেহতীয়াকৈ দলৰ মজিয়াত থাকি ৰেকিবুদ্দিন আহমেদে সংবাদ মাধ্যমৰ আগত পোনপটীয়াকৈ কংগ্ৰেছ দলৰ বগা চোলা পিন্ধা নেতাৰ বিৰুদ্ধে সৰৱ হৈ পৰা পৰিলক্ষিত হৈছিল।
চৰ্চা চলিছে বিজেপিলৈ আহি গেৰুৱা সাজ পিন্ধিব বকোৰ বিধায়িকা তথা অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী নন্দিতা দাসে।
ঠিক সেইদৰে বিজেপিত যোগদান কৰিব বুলি দুধনৈ সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰীৰ নামো চৰ্চালৈ আহিছে।
মুখ্যমন্ত্ৰীৰ বিৰোধী শূণ্য কৰাৰ চক্ৰান্তত এইসকলৰ অৰিহনা যেন অপৰিসীম হৈ ৰ’ব।
এনেয়ো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সৌ সিদিনা দুই-তিনিটা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছিল।
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে বটদ্ৰৱা সমষ্টিৰ কংগ্ৰেছী বিধায়িকা শিৱামণি বৰাৰ নামো চৰ্চা চলিছিল বিজেপিলৈ আহিব বুলি। কিন্তু তেওঁ বিজেপিত যোগদান নকৰে বুলি ইতিমধ্যে স্পষ্ট কৰিছে যদিও সেয়া সময়ত লক্ষণীয় হ’ব।
ইপিনে, বিজেপিৰ লক্ষ্য আৰু উদ্দেশ্য এটাই ‘সকলো হিন্দু নেতা-বিধায়কক গেৰুৱা কৰা।’
মুঠৰ ওপৰত ক্ষমতাৰ ৰাগীত বলিয়ান কংগ্ৰেছী এতিয়া বিৰোধীৰ আসনত বহিবলৈ ইচ্ছা একেবাৰে নাই। তাতে আকৌ মুখ্যমন্ত্ৰীৰ আসনত আটাইতকৈ চতুৰ ৰাজনৈতিক নেতা ড০ হিমন্ত বিশ্ব শৰ্মা।
Pls Comment & share