ছুখই-৩০ বিমান ২০১৫ চনতে ভূপতিত হৈছিল কিন্তু আজিও
কুফল ভুগিছে ধিঙৰ কলাডুবাৰ ৰাইজে।
অভিশপ্ত ২০১৫ চনৰ ১৯ মে' তাৰিখ। সেই অভিশপ্ত দিনটোৰ কথা এতিয়াও পাহৰিব পৰা নাই নগাঁও জিলাৰ অন্তৰ্গত ধিঙৰ পূব কলাডুবাৰ ৰাইজে।
সেই দিনটোত হঠাৎ এটা প্ৰকাণ্ড শব্দই জোকাৰিছিল বৃহত্তৰ পূব কলাডুৱা অঞ্চল। ভাৰতীয় বায়ু সেনাৰ এখন চুখই-৩০ যুদ্ধ বিমান তেজপুৰৰ পৰা উৰা মৰাৰ কিছু সময় পিছতে ভূপতিত হৈ পোন্ধৰ ফুট দ গাতৰ সৃষ্টি কৰি সোমাই পৰিছিল পূব কলাডুৱাৰ ধাননি পথাৰত। অৱশ্যে বিমানখনৰ দুজন চালকে বিমানখনৰ পৰা ইজেক্ট হৈ পেৰাছুটেৰে নিজৰ প্ৰাণ ৰক্ষা কৰিছিল ৷
পিছে এই বিমান দুৰ্ঘটনাৰ ছয়টাকৈ বছৰ অতিক্ৰম হোৱাৰ পিছতো আজিও ইয়াৰ কুফল ভোগ কৰি আহিছে ৰাইজে। কেইবাদিনো অভিযান চলাই বৃহৎ পুখুৰীসদৃশ গাত খান্দি দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ব্লেক বক্সৰ লগতে আন আন কিছু অংশ উদ্ধাৰ কৰা হৈছিল।
দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হৈছিল পাঁচজনকৈ স্থানীয় লোক। উল্লেখযোগ্য যে বিমানখনৰ ইন্ধনৰ প্ৰভাৱ আজিলৈকে খেতি পথাৰত থকাৰ ফলত মাছৰ লগতে শস্য উৎপাদনৰ ক্ষেত্ৰত ক্ষতিৰ সন্মুখীন হৈছে অঞ্লটোৰ বহু কৃষকে।
দুৰ্ঘটনাৰ পিছতেই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ দিয়াৰ লগতে আহতসকলক উপযুক্ত চিকিৎসা সাহায্য প্ৰদানৰ আশ্বাস দিছিল যদিও আজিলৈকে ফুটাকড়িও নাপালে দুৰ্ভগীয়া পৰিয়ালসমূহে। সেয়েহে দুৰ্ভগীয়া পৰিয়ালকেইটাক সাহায্যৰ ব্যৱস্থা কৰি দিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো ৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব।
Pls Comment & share