পৰিৱৰ্তন বিজেপিৰ চৰকাৰৰ পৰিৱৰ্তন : পাঁচ বছৰত বিমান-হেলিকপ্টাৰৰ নামত খৰচ ২৬,৭১,২৯,১২৯ কোটি টকা ।
পিছে, সেইজন সৰ্বানন্দ সোণোৱালেই ৫ টা বছৰত চাৰ্টাড বিমান (Charter flight) আৰু হেলিকপ্টাৰৰ (Helicopter) নামত খৰছ কৰা ধনৰ হিচাপ শুনিলে আপোনাৰো চকু উঠিব কপালত। ২০১৬ৰ পৰা ২০২১ লৈ, ৫টা বছৰত, সৰ্বানন্দ সোণোৱাল চৰকাৰ চাৰ্টাড বিমান আৰু হেলিকপ্টাৰৰ নামত কিমান ধন খৰছ কৰিছিল? এই তথ্য বিচাৰি তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত RTI কৰিছিল মৰিগাঁৱৰ স্বেচ্ছাসেৱী সংগঠন সহায়ে।সংগঠনটোৰ RTIৰ উত্তৰ দি অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে প্ৰদান কৰা তথ্যই এতিয়া চকু কপালত তুলিছে সকলোৰে।
সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal) চৰকাৰে চাৰ্টাড বিমানৰ নামত খৰচ কৰিলে ৫২,৩৮,৪৯,৯৫৫ টকা। শাসনত থকা ৫টা বছৰত হেলিকপ্টাৰৰ নামত সোণোৱাল চৰকাৰে খৰচ কৰিলে ২৬,৭১,২৯,১২৯ টকা। অৰ্থাত ৫টা বছৰত সৰ্বানন্দ সোণোৱাল চৰকাৰে আকাশী পথৰ যাত্ৰাৰ নামত খৰছ কৰিছিল মুঠ ৭৯,০৯,৭৯,০৪৮টকা অৰ্থাত প্ৰায় ৮০ কোটি টকা অৰ্থাত বছৰি প্ৰায় ১৬ কোটি টকা।
সোণোৱাল চৰকাৰে ৫ বছৰত আকাশত খৰছ কৰা এই বিশাল ধনৰ হিচাপ লাভ কৰি আশ্চৰ্য প্ৰকাশ কৰিছে স্বেচ্ছাসেৱী সংগঠন সহায়ৰ সভাপতি ৰাজু মহন্তই।
চাৰ্টাড বিমানৰ নামত খৰচ কৰিলে-
২০১৬ বৰ্ষ- ৪৩৩৩৯১৬
২০১৭ বৰ্ষ- ৮৪৪৪০৫০৩
২০১৮ বৰ্ষ- ৫০১১৫৩০০
২০১৯ বৰ্ষ- ৬০৯০৬৯৭৫
২০২০ বৰ্ষ- ২৫০৫৭০০৩৬
২০২১ বৰ্ষ- ৭৩৪৮৩২২৫
সৰ্বমুঠ ৫২,৩৮,৪৯,৯৫৫- টকা ব্যৱহাৰ কৰিছে।
হেলিকপ্টাৰ নামত খৰচ আছিল এনেধৰণৰ-
২০১৬ বৰ্ষ-
২০১৭ বৰ্ষ- ৯২৩৫৫৬২৬
২০১৮ বৰ্ষ- ৭৪৭৭৩৫০৩
২০১৯ বৰ্ষ- ১০০০০০০০০
২০২০ বৰ্ষ-
সৰ্বমুঠ ২৬,৭১,২৯,১২৯/- টকা ব্যৱহাৰ কৰিছে।
হেলিকপ্টাৰ আৰু চাৰ্টাৰেড এয়াৰৰ্কৰাফট দুয়োটা মিলাই সৰ্বমুঠ খৰছ কৰিছে ৭৯,০৯,৭৯০৮৪/- টকা।
Pls Comment & share