সুৰা কোম্পানীৰ নাভূত-নাস্ৰত কাণ্ড ঢোল আৰু পেপাঁ ফটো ব্যৱহাৰ কৰি বিলাতী সুৰাৰ বিঞ্জাপন চলোৱাক লৈ সৰ্বত্বে প্ৰতিক্ৰিয়া।
ছাইদুল ইছলাম, ধিং, ১৬ নৱেম্বৰ : বহিৰাগত সুৰা কোম্পানীয়ে পুনৰ সংঘটিত কৰিছে আন এক নাভূত-নাশ্ৰুত কাণ্ড। চছিয়েল মেডিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন দল-সংগঠনৰ তীব্ৰ সমালোচনা সুৰা কোম্পানীৰ বিৰুদ্ধে।
বিলাটি সুৰাৰ সমপর্যায়ত ঢোল আৰু পেপাঁটিক ব্যৱহাৰ কৰি বিঞ্জাপন চলোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ধিঙৰ সচেতন মহলে। উল্লেখযোগ্য যে, "অ চি ব্লু" নামৰ বহিৰাগত বিলাতী সুৰা কোম্পানিটোৱে নিজৰ মুনাফা লাভৰ বাবে জাতিয় থলুৱা লোকবাদ্য ঢোল আৰু পেপাটিক অপব্যৱহাৰ কৰাক লৈ ধিং শাখা সাহিত্য সভা শতদল, বিশষ্ট শিক্ষাবিদ আৰু আছুকে ধৰি বিভিন্ন দল সংগঠনে আজি তীব্ৰ ভাষাৰে গৰিহণা দিয়ে উক্ত সুৰা কোম্পানীটোক। সুৰাৰ বটলৰ লগত ঢোল আৰু পেপাঁটিক সংযোগ কৰি বিক্ৰী বঢ়াবলৈ লিখিছে " আটাইতকৈ বেষ্ট অসম বিচাৰি যেতিয়া হৃদয় আকুল হৈ পৰে তেতিয়া অ চি ব্লু লওক"।
জাতিৰ স্বাভিমানৰ প্ৰতীক জাতিৰ সত্ত্বাক বিনষ্ট কৰিব বিছৰা বহিৰাগত কোম্পেনিটোৰ লগত জড়িত দুষ্টচক্ৰটোক চিনাক্ত কৰি শাস্তি বিহিবলৈ অসম চৰকাৰক দাবী জনাইছে বিভিন্ন মহলে।
এই বণিয়া গোষ্ঠীয়ে সস্তীয়া বিঞ্জাপনেৰে অসমীয়াৰ জাতীয় জীৱনৰ আয়ুৰেখাক ভূলুণ্ঠিত কৰাৰ গুৰুত্বৰ অভিযোগ উখাপিত হৈছে চছিয়েল মেডিয়াত। এনে দুস্কাৰ্য্যক কোনো পধ্যেয় গ্ৰহণ নকৰো বুলি মত পোষণ কৰি অতি শীঘ্ৰে উক্ত বিষয় সন্দৰ্ভত প্ৰশাসন তথা অসম চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই ধিঙৰ সচেতন মহলে। লগতে এই সুৰা কোম্পানীৰ কৰ্তৃপক্ষই অতি শ্ৰীগ্ৰেই এই বিঞ্জাপন বন্ধ কৰি অসমবাসীৰ ওচৰত ক্ষমা খোজিবলৈ দাবী জনাইছে বিভিন্ন মহলে। আৰু যদি সুৰা কোম্পানীয়ে শ্ৰীগ্ৰেই বিঞ্জাপন বন্ধ নকৰে তেন্তে আইনৰ কাষ চাপিব বুলিও হুংকাৰ একাংশৰ দিছে সচেতন মহলে।
Pls Comment & share