ইটাভাটাত শিশু শ্ৰমিক : ইটাভাটাত শ্ৰমিক আইন উলংঘা ইটাভাটাৰ মালিকৰ ।
যাৰ ফলত জনবসতিপূৰ্ণ অঞ্চলটোত ব্যাপক প্ৰদূষণৰ সৃষ্টি কৰি আহিছে ৷ আনহাতে, শ্ৰমিক আইন অনুসৰি শিশু শ্ৰমিকক কাম কৰোৱাটো আইন বিৰুদ্ধ ৷ কিন্তু তাৰ বিপৰীতে চাওক এইসমূহ ধিঙৰ প্ৰাইখিনি ইটাভাটাত অতি ভয়ানক ভাবে নিয়জিত কৰি আহিছে শিশু শ্ৰমিক। এই সমূহ ইটাভাটাৰ মালিকে কিদৰে শিশু শ্ৰমিক নিয়োগ কৰিছে ইটা বনোৱা নিৰ্মাণ কাৰ্যত তাকে লৈ সচেতন মহলত বিভিন্ন প্ৰশ্ন উখাপিত হৈছে৷ আনহাতে ছাইল্ড লাইন নামৰ যি বেচৰকাৰী সংঘঠন আছে তাৰ প্ৰতিও সন্দেহৰ আঙুলি উঠিছে। কাৰণ এইসমূহ ইটাভাটাত কোনোদিনেই উপস্থিত হোৱা দেখা নগল ছাইল্ড লাইনৰ কোনো লোক। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা আৰু শ্ৰমিক আইন উলংঘা কৰি কাৰ আৰ্শীবাদত বছৰ বছৰ ধৰি এনেধৰে চলাই আহিছে ইটাভাটা ? মাহে মাহে কাৰ পকেটত সোমাই এইসমূহ ভাটাৰ পৰা যোৱা কমিচন ? মেনেজ নেকি সকলো পক্ষ ? কোনে দিব এইসমূহ প্ৰশ্নৰ উত্তৰ ? আজিলৈকে ধিং তথা নগাঁও জিলা প্ৰসাহনে এইসমূহ ভাটাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বিষয়টোৱে সকলোৰে মনত সন্দেহৰ সৃষ্টি হৈছে ।
Pls Comment & share