ধিং মহাবিদ্যালয়ত হৰ ঘৰ দস্তক টিকাকৰণ অভিযানৰ প্ৰশিক্ষণ।
মূখ্য মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতেই কভিডৰ টিকাকৰণ প্ৰক্ৰিয়া অধিক তীব্ৰতৰ কৰি তুলিছে নগাঁও জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগে ।
স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে এই টিকা কৰন অভিযান সফল কৰি তুলিবলৈ স্বাস্থ্য কৰ্মীৰ লগতে বিভিন্ন বিভাগৰ কৰ্মচাৰীকো নিয়োজিত কৰিছে । সেই উপলক্ষে দেওবাৰে ধিং মহাবিদ্যালয়ত এটি বিশেষ টিকাকৰণ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰে।
প্ৰশিক্ষণ শিবিৰত নগাঁও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উচ্চ পদস্ত বিষয়া উপস্থিত থাকি প্ৰশিক্ষণ প্রদান কৰে। প্ৰশিক্ষণত প্ৰতিটো ভোটদান কেন্দ্রৰ এলেকাত সকলো যোগ্য লোকৰ এশ শতাংশ টিকাকৰণ সম্পূর্ণ কৰা সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে।
২৯ নবেম্বৰ পৰা ৫ ডিচেম্বৰলৈ চলিবলীয়া "হৰ ঘৰ দস্তক" ৰাজ্য ব্যাপি চলি থকা অভিযানৰ অংশ হিচাপে নগাঁও জিলাৰ ধিঙতো এই অভিযান সফল কৰিবলৈ জিলা প্ৰশাসনে উঠি পৰি লাগিছে।হৰ ঘৰ দস্তক এই বৃহৎ অভিযানৰ এই প্ৰশিক্ষণ শিবিৰত শতাধিক চৰকাৰী কৰ্মচাৰীয়ে অংশ গ্রহন কৰে।উল্লেখ্য যে, নগাঁও জিলাৰ ১৬০৩ টা ভোট গ্রহণ কেন্দ্র আছে আৰু প্ৰতিটো কেন্দ্রতে জিলা প্ৰশাসনে হৰ ঘৰ দস্তক অভিযান সফল ভাৱে ৰূপায়ণ কৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূর্ণ কৰিছে।
Pls Comment & share