বটদ্ৰৱাত সাংসদ গৌৰৱ গগৈ আৰু বিধায়িকা শিৱামণি বৰাৰ আধাৰশিলা স্থাপন অভিযান।
ছাইফুল ইছলাম ধিঙ, ১৬ নৱেম্বৰ : বটদ্ৰৱা সমষ্টিত কলিয়াবৰ লোকসভাৰ সাংসদ গৌৰৱ গগৈ আৰু বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামনি বৰাই আজি পাঁচোটাকৈ পথৰ আধাৰশিলা স্থাপন কৰে।
পথৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ৰাইজক উদ্দেশ্যি সাংসদ গৰাকীয়ে কয় যে উন্নয়ন মানেই কেৱল ৰাস্তাঘাট, দলং, বিদ্যালয় নিৰ্মাণ বা নেতা সকলৰ ব্যক্তিগত সপোন নহয়৷ উন্নয়ন মানে হ’ল ৰাইজ বাহিৰলৈ উলাওঁতে ভয় ভাৱ নোহোৱা, ৰাইজৰ মাজত শান্তি সম্প্ৰীতি অটুত থাকা আৰু সাধাৰণ শ্ৰেণী ৰাইজৰ সৰ্বদিশত উন্নতি হোৱা৷ যিটো তৰুণ গগৈয়ে অসমৰ মুখ্যমন্ত্ৰী হৈ থাকোতে কৰি দেখুৱাইছিল৷ ।
Pls Comment & share