অহা ১ জানুৱাৰীৰ পৰা ৰাইজৰ মূৰত মোডী চৰকাৰৰ আন এক মাধমাৰ ।
পৰিৱৰ্তনৰ নমুনাই এতিয়া অৱস্থা কাহিল কৰি পেলাইছে দেশৰ সাধাৰণ ৰাইজক । খাদ্য সামগ্ৰীকে ধৰি ইন্ধন, দৰৱ, গৃহ নিৰ্মাণত ব্যৱহৃত সামগ্ৰী সকলোতে এতিয়া আকাশলংঘী মূল্যবৃদ্ধি।
মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে মোদীৰ চৰকাৰে আজিলৈকে বিশেষ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।
ফলত দেশৰ সাধাৰণ শ্ৰেণীৰ লোকসকল মূল্যবৃদ্ধিৰ ফলত এক প্ৰকাৰ আৰ্থিক ভাবে কোঙা হৈ পৰিছে।
দুৰ্দশাগ্ৰস্ত জনতাৰ মূৰত পুৰ মাধমাৰ শোধাবলৈ সাজু হৈছে পৰিৱৰ্তনৰ সপোন দেখুৱাই ক্ষমতাৰ ৰাজপাট দখল কৰা মোদীৰ চৰকাৰে।
অহা বছৰ অৰ্থাৎ ২০২২ চনৰ প্ৰথম দিনটোৰ পৰাই দেশত বৃদ্ধি পাব জোতা-চেণ্ডলকে ধৰি কাপোৰৰ দাম।
বৰ্তমান জোতা-চেণ্ডেল আৰু বস্ত্ৰৰ ক্ষেত্ৰত থকা জিএছটিৰ পৰিমাণ হৈছে ৫ শতাংশ।
কিন্তু ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা সেই জিএছটি ১২ শতাংশলৈ বৃদ্ধি কৰা হ’ব। ফলত জোতা-চেণ্ডেল আৰু বস্ত্ৰৰ দাম জিএছটি বৃদ্ধিৰ লগে লগে অভাৱনীয় হাৰত বৃদ্ধি পাব।
সেয়ে জোতা-চেণ্ডেল, কাপোৰ কিনে যদি এতিয়াই কি থওঁক।
ইপিনে চৰকাৰৰ এনে সিদ্ধান্তক জন বিৰোধী সিদ্ধান্ত আখ্যা দিছে Clothing Manufacturers Association of India (CMAI)ই। চৰকাৰৰ এনে সিদ্ধান্তই সাধাৰণ জনতাক ক্ষতিগ্ৰস্ত কৰিব বুলিও সংস্থাটোৰ তৰফৰ পৰা কোৱা হৈছে।
Pls Comment & share