কৃষক আইন বাতিলে বাট দেখুৱালে : CAA বাতিলৰ দাবীত পুনৰ সোচ্চাৰ সমুজ্জল কুমাৰ ভৰ্ট্ৰাচাৰ্য ।
পুনৰ এবাৰ যেন স্তব্ধ হৈ পৰা CAA বিৰোধী আন্দোলনৰ উক-মুকনি দেখিবলৈ পোৱা গৈছে অসমত । যেন সম্বিত ঘূৰাই পাইছে অসমৰ বহু জাতীয় দল- সংগঠনৰ নেতা সকলে ।
তেনে এক সময়তেই যেন কৃষক আন্দোলনৰ পৰা যেন একপ্ৰকাৰে শিক্ষা লাভ কৰিছে সদৌ AASUৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই। TWITERত কৰা এক টুইটযোগে তেওঁ CENTRAL GOVTক CAA বাতিল কৰিবলৈ দাবী জনোৱাৰ লগতে কৃষক আন্দোলনৰ প্ৰসংগও উত্থাপন কৰা পৰিলক্ষিত হৈছে।
TWIT যোগে ড০ ভট্টাচাৰ্য্যই কয় ‘সমগ্ৰ দেশৰ কৃষিজীৱি জনসাধাৰণৰ আন্দোলনৰ ওচৰত সেওঁ মানি কেন্দ্ৰীয় চৰকাৰে কৃষক বিৰোধী কৃষি আইন(Farm Law) বাতিল কৰিবলৈ বাধ্য হৈছে । চৰকাৰৰ অন্যায় - অবিচাৰৰ কথা প্ৰমাণ হ’ল। এতিয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া বিৰোধী CAAঅতি সোনকালে বাতিল কৰক’।TWIT টোত কৃষি আইন বাতিলৰ সিদ্ধান্তই কেন্দ্ৰীয় চৰকাৰৰ অন্যায় - অবিচাৰৰ কথাই প্ৰমাণ কৰা বুলি দাবী কৰে।
উল্লেখযোগে যে, দিল্লীৰ কৃষক আন্দোলনৰ পৰা শিক্ষা লৈ অসমৰ সকলো লোকক CAAৰ বিৰুদ্ধে একত্ৰিত হৈ বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাইছে COTTON বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজেও।
Pls Comment & share