কেন্দ্ৰীয় চৰকাৰৰ চৰকাৰী কৰ্মচাৰীৰ পেঞ্চনক লৈ ডাঙৰ সিদ্ধান্ত ।
দীৰ্ঘদিন ধৰি সেৱা আগবঢ়োৱা অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনভোগী সকলক কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ জীৱনযাত্ৰাৰ মান উন্নত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।
CENTRAL GOVTৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে যে যদি কোনো সংস্থাৰ মুৰব্বী গৰাকী সন্তুষ্ট হয় যে কোনো অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে তেওঁৰ হাতত নথকা কোনো কাৰণৰ বাবে তেওঁৰ জীৱনলগৰীৰ সৈতে যৌথ একাউন্ট খুলিব পৰা নাই, তেন্তে তেও লোকৰ বাবে শিথিল কৰা হ’ব পাৰে।
যিবোৰ বেংকে পেঞ্চনৰ কাম কৰে তেওঁলোকক ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে যে পৰিয়ালৰ পেঞ্চনভোগী (জীৱনসংগী)য়ে ইতিমধ্যে থকা যদি কোনো JOINT ACCOUNT বাচি লয়, তেতিয়াহ’লে NEW ACCOUNT খোলাৰ বাবে জোৰ দিব নালাগে।
অৱশ্যে নিয়ম শিথিল কৰিলেও কেন্দ্ৰই লগতে জনাইছে যে JOINT ACCOUNT থাকিলেই ভাল হয় যিটো ACCOUNT জীৱনসংগীৰ সৈতে খোলা হ’ব। ‘পেঞ্চন পেমেন্ট ORDERত তেওঁৰ নামত পৰিয়াল পেঞ্চনৰ অনুমোদন থাকিব।
উল্লেখ্য যে এই একাউন্টসমূহ পেঞ্চনভোগীৰ ইচ্ছা অনুসৰি পৰিচালনা কৰিব লাগিব।
কোনোধৰণৰ পলম নকৰাকৈ পৰিয়াল পেঞ্চন দিয়াৰ বিষয়টো নিশ্চিত কৰাৰ বাবেই যৌথ বেংক একাউন্ট খোলা হয়।CENTRAL GOVTৰ ফালৰ পৰা জনোৱা হৈছে যে নতুন পেঞ্চন BANK ACCOUNT খোলাৰ ক্ষেত্ৰত পৰিয়ালৰ পেঞ্চনভোগীৰ যাতে কোনো সমস্যা নহয় সেয়া নিশ্চিত কৰাৰ বাবেই JOINT ACCOUNT খোলা হয়।
ইয়াৰ ফলত পৰিয়াল PENSION আৰম্ভ কৰাৰ বাবে অনুৰোধ কৰাৰ সময়ত ন্যুনতম নথিপত্ৰৰ প্ৰয়োজন হব।
Pls Comment & share