জীৱন যুদ্ধত হাৰ নমনা এগৰাকী মহিলাৰ কৰুণ কাহিনী : স্বামী অবিহনে পাৰ কৰিছে আঠটা বছৰ।
আঠ বছৰ পূৰ্বে স্বামী স্বাভাৱিক ভাবে দিনৰ ভাগত ওলাই গৈছিল নিজ কৰ্মক্ষেত্ৰ লৈ। সন্ধিয়া নামি আহিল কিন্ত স্বামী ঘূৰি নাহিল। দিনৰ পিছত সপ্তাহ তাৰ পিছত মাহ, বছৰ বাগৰিল নোলাল কোনো সম্ভেদ । কপালত সেন্দুৰ লৈ এতিয়াও অপেক্ষা কৰি আছে দুৰ্ভগীয়া পত্নী হেমান্তী কলিতাৰ সৈতে তিনি কণ্যা সন্তানে । পুলিচ প্ৰশাসনক অৱগত কৰিছিল যদিও নোলাল কোনো শুং সূত্ৰ । আঠটা বছৰে নিৰুদ্দেশ হৈ থকা ৰঙিয়া মূৰাৰা গাঁৱৰ মনোৰঞ্জন কলিতাৰ পত্নী হেমান্তী কলিতাই দীৰ্ঘ দিনে ব্ৰতী হৈ আছে কঠোৰ জীৱন সংগ্ৰামত । এখন সৰু চাহ দোকান সাজি নিজৰ লগতে তিনি কন্যা সন্তানক পোহ পাল দিয়াৰ লগতে শিক্ষাৰ ক্ষেত্ৰতো আগবঢ়াই নিছে মাতৃ হেমান্তী কলিতাই । কিন্তু বৰ্তমানে চাহ দোকান খন লাহে লাহে অচলাৱস্থা হৈ পৰাত আৰ্থিক ভাবে যথেষ্ট সংকটত ভুগিছে দুৰ্ভগীয়া পৰিয়ালটোৱে । কোনো সু- হৃদয়বান লোক তথা কোনো প্ৰতিষ্ঠানত এটি চতুৰ্থ বৰ্গৰ কৰ্ম সংস্থাপন বিচাৰি কাতৰ অনুৰোধ জনাইছে দুৰ্ভগীয়া হেমান্তী কলিতাই।
Pls Comment & share