Homeআঞ্চলিক সঁচাকৈয়ে NHPCৰ পৰা টকা লৈছিল নেকি লুৰিণ জ্যোতি গগৈয়ে ? আঞ্চলিক সঁচাকৈয়ে NHPCৰ পৰা টকা লৈছিল নেকি লুৰিণ জ্যোতি গগৈয়ে ? D24 NEWS ASSAM November 24, 2021 0 adsettra adds সঁচাকৈয়ে NHPCৰ পৰা টকা লৈছিল নেকি লুৰিণ জ্যোতি গগৈয়ে ?অসম জাতীয় পৰিষদৰ (AJP) সভাপতি লুৰিণজ্যোতি গগৈয়ে NHPC ৰ পৰা টকা লৈ আন্দোলন বন্ধ কৰিছিল বুলি পোহৰলৈ আহিছিল লখিমপুৰৰ দুই ছাত্ৰ নেতাৰ এক টেলিফোনিক বাৰ্তালাপৰ পৰা। এই টেলিফোনিক বাৰ্তালাপ ৰাজহুৱা হোৱাৰ পিছতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় সৰ্বত্ৰে। সামাজিক মাধ্যমৰ লগতে বিভিন্ন মহলত ককৰ্থনা আৰু সমালোচনাৰ সন্মুখীন হয় জাতীয় পৰিষদৰ সভাপতি জন। উত্থাপিত এই অভিযোগ নস্যাৎ কৰি মঙলবাৰে সৰৱ হৈ পৰিল লুৰিণ জ্যোতি গগৈ । অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত সম্বোধন কৰা এক সংবাদমেলত গগৈয়ে, প্ৰত্যাহ্বান জনায় কয় যে, NHPCৰ পৰা এটা টকাও লোৱা বুলি প্ৰমাণ কৰক,মই ৰাজহুৱা জীৱন ত্যাগ কৰিম। সাম্প্ৰতিক সময়ত কা বিৰোধী আন্দোলনৰ প্ৰসংগ পুনৰ চৰ্চালৈ আহিছে, আৰু ঠিক সেই সময়তে কা বিৰোধী শক্তিৰ মনোবল ভাঙিবৰ বাবেই এয়া এক গভীৰ ষড়যন্ত। একাংশ সংবাদ মাধ্যম আৰু ছছিয়েল মেডিয়া ব্যৱহাৰকাৰীকে ধৰি কেইবাটাও পক্ষৰ ওপৰত মানহানি আৰু অপৰাধজনিত গোচৰো ৰুজু কৰা হ’ব বুলি সংবাদ মেলত জনায় অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে । Below Post Ad Tags আঞ্চলিক Newer Older
Pls Comment & share