এক স্বাসৰূদ্ধকৰ পৰিৱেশ : এগৰাকী মহিলাই কোলাত এটি পানী কেচুৱা লৈ মছজিদৰ ছাদৰ ওপৰৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা ৷
নিজ স্বামী ৰিয়াজুৎদ্দিন আহমেদে দীৰ্ঘদিন ধৰি মানসিক শাৰীৰিক অত্যাচাৰ কৰি আহিছিল মহিলা গৰাকীক ৷ এই সন্দৰ্ভত জালুগুটি আৰক্ষী পহৰা চকীত স্বামী আৰু স্বামীৰ পৰিয়ালৰ মুঠ চাৰিজনৰ বিৰুদ্ধে গোচৰ তৰিছিল ৷ অভিযোগ মতে, আৰক্ষীয়ে যথোপযুক্ত ব্যৱস্থা নলৈ আজগৰ নামৰ এজন দালালৰ মধ্যস্থতাকাৰীত যোৱা ১২ তাৰিখে দিয়া গোচৰটোত কেবল যৌতুক জনিত ৪৯৮ ধাৰা লগাই সকলো গাপ দিয়াৰ চেষ্টা কৰিছিল ৷ এজাহকাৰী ভাষ্য মতে কণ্যা সন্তান হোবাৰ বাবে মানসিক আৰু শাৰীৰিক অত্যাচা কৰি আহিছিল প্ৰতি নিশাই ৷
আৰক্ষীয়ে তললৈ মহিলা গৰাকীক নমাই অনাৰ পিছতেই গাঁওৰ ৰাইজ উত্তেজিত হৈ পৰে আৰু লাঠী, শিল, ইটা আদিৰে আক্রম কৰে আৰক্ষীক। অভিযুক্ত ৰিয়াজুদ্দিনক গ্ৰেপ্তাৰ নকৰাৰ বাবে উত্তেজিত হৈ পৰে গাওঁৰ ৰাইজ। আৰক্ষীক আক্ৰমণ কৰিব উদ্যত হোৱা ৰাইজৰ টনা আজোৰাত ২ মহীয়া শিশুটোৰ লগত দুখজনক পৰিস্থিতি সৃষ্টি হয়।
পোৱা চাৰি বজাৰ পৰা কষ্টত থকা শিশুটিৰ সৈতে মহিলা গৰাকীক আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়ে যদিও স্থানীয় ৰাইজে বাধা প্ৰদান কৰে। পৰৱৰ্তী সময়ত দণ্ডাধীশৰ উপস্থিত আৰু আৰক্ষীৰ প্ৰতিশ্ৰুতি পৰিস্থিতি খাম কাটে। আৰক্ষীয়ে সমগ্ৰ ঘটনাটো গুৰুত্ব সহকাৰে লৈ তদন্ত সম্পূৰ্ণ নোহোৱালৈ শিশু আৰু মাতৃৰ সকলো থকা খোৱাৰ ব্যৱস্থা কৰা হব বুলি প্ৰকাশ কৰে। ইয়াতে দেখিবলৈ পোৱা গৈছে যে নিৰ্যাতিত মহিলা গৰাকীয়ে তেওঁক ন্যায় লাগে বুলি বাৰে বাৰে দণ্ডাধীশক ভৰি চুই সেৱা জনায়। ইতিমধ্যে অভিযুক্ত ৰিয়াজুদ্দিনে আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিছে। এই গোটেই ঘটনাটোত আজগৰ নামৰ এজন দালাল জড়িত আছে আৰু এই আজগৰ আলিৰ উপযুক্ত শাস্তিৰ দাবী কৰিছে ভুক্তভোগী মহিলাই।
Pls Comment & share