মানৱ সমাজক লজ্জানত কৰা আছু নেতা অনিমেশ ভূঞাৰ নৃশংস হত্যাকাণ্ডৰ গোচৰ ফাষ্টট্ৰেক আদালতত চলিব । ১৫ দিনৰ ভিতৰত আৰক্ষীক চাৰ্জশ্বিট দাখিলৰ নিৰ্দ্দশ মুখ্যমন্ত্ৰীৰ ।
আকৌ এবাৰ মানৱ সমাজক লজ্জানত কৰা এক কাণ্ড সংঘটিত হয় যোৰহাটৰ নগৰৰ মাজমজিয়াত। ট্ৰাক ষ্টেণ্ডৰ সমীপত এদল উন্মত্ত লোকে গুপ্তাঙ্গত আঘাত কৰি নৃশংসভাৱে হত্যা কৰিলে ছাত্ৰ নেতা অনিমেষ ভূঞাক । দিন দুপৰতে নগৰৰ মাজ মজিয়াত উন্মত্ত দলটোৱে হত্যা কৰে সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক সমিতিৰ শিক্ষা সম্পাদক অনিমেশ ভূঞাক।
ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত অভিযোগত ১৩ জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । আজি পুৱাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অনিমেশৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰী ৰণোজ পেগু। ফাষ্টট্ৰেক আদালতত এই গোচৰ চলিব বুলি মন্তব্য কৰে ৰণোজ পেগুৱে । ১৫ দিনৰ ভিতৰত আৰক্ষীক চাৰ্জশ্বিট দিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মন্ত্ৰী ৰণোজ পেগুৰ সৈতে উপস্থিত থাকে বিধায়ক ৰূপজ্যোতি কুৰ্মীও।
Pls Comment & share