মূখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশকো যেন কেৰেপ নকৰে ধিং ৰাজহ চক্রত ।
৩০ নৱেম্বৰ : মুখ্যমন্ত্ৰী মহোদয় ফুটুকাৰ ফেনত পৰিনত আপোনাৰ দুৰ্নীতিমূক্ত নিৰ্দেশনা। তথ্য সহ ফাদিল হৈছে আপোনাৰ ৰাজহ বিভাগৰ চলি থকা ভয়ংকৰ দুৰ্নীতি আৰু কেলেংকাৰীৰ ঘটনা। এজন চৰকাৰী লাট মণ্ডলে কেনেদৰে ধন লৈ খামত ভৰাই এজন চক্ৰ বিষয়াক দিছিল তাৰ সমগ্ৰ অডিঅ' ৰেকডিং ইতিমধ্যে হৈ পৰিছে ভাইৰেল। প্ৰাপ্ত তথ্য আৰু উখাপিত অভিযোগ অনুসৰি, নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰ কাৰ্যলয়ৰ দুৰ্নীতি পৰায়ন লাট মণ্ডল খন্দকাৰ ফাৰুক আহম্মেদে এজন চৰকাৰী গাঁওবুঢ়াৰ পৰা চক্ৰ বিষয়া সন্তোস নাথৰ নামত পাঁচ হাজাৰ টকা উৎকুচ লোৱা বুলি অডিঅ' বাৰ্তালাপত ষ্পষ্ট।
ধিং ৰাজহ চক্ৰ বিষয়া সন্তোস নাথৰ নামত ধন সংগ্ৰহ কৰাৰ তথ্য ফাদিল কৰিলে এজন চৰকাৰী গাওঁবুঢ়াই। খণ্ডকাৰ ফাৰুক আহমেদ নামৰ দুৰ্নীতি পৰায়ন লাট মণ্ডল জনে চক্ৰ বিষয়া সন্তোস নাথৰ নামত ধিঙৰ সোণাৰীগাঁৱৰ আকটাৰ হুছেইন নামৰ চৰকাৰী গাওঁবুঢ়া জনৰ পৰা ব্লেক মেইলিং কৰি সংগ্ৰহ কৰিছিল পাঁচ হাজাৰ টকা।
উল্লেখ্য যে, আকটাৰ হুছেইন নামৰ গাওঁপ্ৰধান জনে প্ৰায় পাঁচ বছৰ ধৰি সোনাৰী গাৱঁত গাওঁ প্ৰধানৰ দায়িত্ব চৰকাৰী ভাৱে পালন কৰি অহাৰ পাছতো অসুস্থতাৰ অভিযোগ উত্থাপন কৰি নীতি বহিৰ্ভূত ভাৱে ছিৰাজুল ইছলাম নামৰ এজন লোকক পুনৰ নিযুক্তি দিয়াক কেন্দ্র কৰি জাঙুৰ খাই উঠিছে অঞ্চলবাসী।
যাৰ পৰিপেক্ষিতত আজি প্ৰায় তিনি শতাধিক পুৰুষ মহিলাই হাতে হাতে প্লে কাৰ্ড লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি ঘেৰাও কৰে ধিং ৰাজহ চক্ই বিষয়াৰ কায্যালয়। আখটাৰ হুছেইনৰ সমৰ্থনত ওলাই অহা ৰাইজে আন এজনক নীতি বহিৰ্ভূত ভাৱে নিযুক্তি দিয়া কাৰ্য্যক তীব্ৰ নিন্দা কৰাৰ লগতে এই সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিছে।
এই সন্দৰ্ভত ধিং ৰাজহ বিষয়াৰ জৰিয়তে এক স্মাৰক পত্ৰ প্ৰদান কৰে নগাঁও জিলা উপায়ুক্তলৈ। আনহাতে এই সমগ্ৰ দূৰ্নীতিৰ সন্দৰ্ভত নাম সাঙুৰ খোৱা ৰাজহ চক্ৰ বিষয়া জনক সাংবাদিকে সোধা প্ৰশ্ন উত্তৰত তথ্য প্ৰমাণ পালে ব্যৱস্থা গ্ৰহণ কৰা হব বুলি জানিব দিয়ে যদিও এই কেলেংকাৰীত নাম সাঙুৰ খোই পৰা এইজন চক্ৰ বিষয়াই কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া সকলোৰে অনুমেয়। সেয়েহে এই সমগ্ৰ ঘটনা সন্দৰ্ভত অঞ্চলটোৰ ৰাইজে মুখ্যমন্ত্ৰী ডা৹ হিমন্ত বিশ্ব শৰ্মাক এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায়।
Pls Comment & share