BSNL আৰু MTNL ৰ সম্পতি বিক্ৰী কৰিবলৈ সাজু মোদী চৰকাৰ - ১৪ ডিচেম্বৰত ই-নিলাম ।
মোদী চৰকাৰে ৰাজহুৱা খণ্ডৰ দুটা প্ৰতিষ্ঠানৰ সম্পত্তি বিক্ৰী কৰিবলৈ সাজু হৈ উঠিছে ৷ ৰাজহুৱা খণ্ডৰ দূৰসংযোগ প্ৰতিষ্ঠান B S N L আৰু M T N Lৰ সম্পত্তি বিক্ৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুতি তুংগত তুলিছে ৷ বিনিয়োগ আৰু ৰাজহুৱা সম্পত্তি ব্যৱস্থাপনা বিভাগ [দীপমে] প্ৰকাশ কৰা অনুসৰি, চৰকাৰে দুয়োটা ৰাজহুৱা প্ৰতিষ্ঠানৰ সম্পত্তি বিক্ৰী কৰিবলৈ ১৪ ডিচেম্বৰত E-নিলামৰ আয়োজন কৰিছে ৷দীপমে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজহুৱা খণ্ডৰ টেলিক’ম কোম্পানীৰ স্থাৱৰ সম্পত্তিবোৰ প্ৰায় ৰ,১০00কোটি টকাৰ সংৰক্ষিত মূল্যত বিক্ৰীৰ বাবে তালিকাভুক্ত কৰিছে ৷ বিএছএনঅলৰ হায়দৰাবাদ, চণ্ডীগড়, ভাৱনগৰ আৰু কলকাতাস্থিত স্থাৱৰ সম্পত্তিৰ সংৰক্ষিত মূল্য ৮০০ কোটি টকা ৷
একেদৰে এমটিএনএলৰ গোৰেগাঁৱৰ ভাচাৰি পাহাৰত অৱস্থিত স্থাৱৰ সম্পত্তি বিক্ৰী কৰি ২৭০ কোটি টকা উপাৰ্জনৰ লক্ষ্য ৰাখিছে ৷ চৰকাৰে কোম্পানীটোৰ সম্পদ মুদ্ৰাকৰণ আঁচনিৰ অংশ হিচাপে ২০টা ফ্লেট বিক্ৰী কৰিবলৈ এতিয়া তালিকাভুক্ত কৰিছে৷ ইয়াৰ সম্পত্তিৰ মূল্য হ’ব ৫২ লাখ টকাৰ পৰা ৰ.৫৯ কোটি টকা ভিতৰত৷ উল্লেখ্য যে চৰকাৰে এটাৰ পিছত আন এটাকৈ ৰাজহুৱা প্ৰতিষ্ঠানৰ সম্পত্তি বিক্ৰী কৰিবলৈ প্ৰস্তুতি চলাই আছে ৷
ইতিমধ্যে কে’বাটাও ৰাজহুৱা প্ৰতিষ্ঠানৰ সম্পত্তি হয়তোবা বিক্ৰী হৈছে নাইবা ব্যক্তিগত খণ্ডৰ হাতত দীৰ্ঘ সময়ৰ বাবে লীজত গতাই দিয়া হৈছে ৷ ৰাজহুৱা খণ্ডৰ বিমান প্ৰতিষ্ঠান এয়াৰ ইণ্ডিয়াও ব্যক্তিগত খণ্ডৰ হাতলৈ গৈছে৷ ইয়াৰ উপৰিও ৰাজহুৱা খণ্ডৰ তেল কোম্পানী অ’এনজিচিকো ব্যক্তিগত খণ্ডৰ হাতত গতোৱাৰ যো-জা চলাই আছে ৷ যাৰ বিৰুদ্ধে অ’এনজিচিৰ কৰ্মচাৰীসকল আন্দোলনত জঁপিয়াই পৰিছে ৷ তেওঁলোকে দাবী কৰিছে যে চৰকাৰে অ’এনজিচিক ব্যক্তিগত খণ্ডৰ হাতত গতোৱাৰ পৰিৱৰ্তে চৰকাৰে কোম্পানীটোত ধন বিনিয়োগ কৰি শক্তিশালীহে কৰি তুলিব লাগে ।
Pls Comment & share