আমিৰ খানে তৃতীয় বাৰলৈ বিয়া পাতিব : পিছে কইনা কোন ?
ইয়াৰ পাছত কিৰণ ৰাওৰ প্ৰেমত পৰাৰ পাছত ৰীণাক বিবাহ বিচ্ছেদ দি ২০০৫ চনত কিৰণক পত্নী বৰণ কৰে আমিৰে। কিন্তু দ্বিতীয় পত্নীয়েও মন জুৰাব নোৱাৰিলে মিঃ পাৰফেক্টছনিষ্টৰ। সেয়েহে কিৰণৰ সৈতেও বিচ্ছেদ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি ২০২১ চনৰ জুলাইত দুয়ো পৃথক হয়। কিৰণ আৰু আমিৰৰ সন্তান হ’ল আজাদ খান। সম্প্ৰতি বলীউড আৰু ছ’চিয়েল মিডিয়াত চৰ্চা চলিছে যে তৃতীয়বাৰৰ বাবে বিয়া পাতিবলৈ গৈ আছে আমিৰ খান। আমিৰ খানৰ আহিবলগীয়া ছবি ‘লাল সিং চাড্ডা’ৰ মুক্তিৰ পিছত তেওঁ তৃতীয় বিবাহৰ কথা ঘোষণা কৰিব বুলিও চলিছে চৰ্চা। এই ছবিখন মুক্তি পাব অহা বছৰৰ এপ্ৰিলত।
এগৰাকী অভিনেত্ৰীক তৃতীয় কইনা হিচাপে আমিৰে জীৱনলৈ আদৰিব বুলি ওলাইছে গুজৱ। আমিৰে তৃতীয় কইনা কোন হ’ব তাক লৈ মুখ খোলা নাই। সকলোৱে সন্দেহ প্ৰকাশ কৰিছে যে ‘ডংগল’ ছবিত অভিনয় কৰা ফাতিমা ছানা শ্বেখ হ’ব আমিৰৰ তৃতীয়গৰাকী জীৱন বাটৰ লগৰী। ২৯ বছৰীয়া ফাতিমাই ৫৬ বছৰীয়া আমিৰৰ হৃদয় চুৰি কৰা বুলি বলীউডৰ ভিতৰে-বাহিৰে যথেষ্ট চৰ্চা চলিছিল। আমিৰ-কিৰণৰ সংসাৰৰ ফাঁট মেলাৰ মুখ্য কাৰণ ফাতিমা ছানা শ্বেখ বুলিও বাতৰি প্ৰকাশ পাইছিল। পৰৱৰ্তী সময়তহে গম পোৱা যাব আমিৰ খানৰ তৃতীয় পত্নী ফাতিমা হ’ব নে অন্য কোনোবা হ’ব।
Pls Comment & share