D24NewsAssam:ড্ৰাগছ বিৰোধী অভিযান (Anti-drug-campaign)। বালিজান আৰু মৈৰাধ্বজত আটক দুই ড্ৰাগছ ব্যৱসায়ী ,উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ।
D24NewsAssam:ড্ৰাগছ বিৰোধী অভিযান (Anti-drug-campaign)অব্যাহত মিকিৰভেটা আৰক্ষীৰ। এক গোপন সূত্ৰৰ পম খেদি মিকিৰভেটা থানাৰ অন্তৰ্গত বালিজানত দুই ড্ৰাগছ মাফিয়াক আটক কৰে
মৈৰাধ্বজৰ মইনুল হকৰ ঘৰত ড্ৰাগছ বিৰোধী অভিযানত উদ্ধাৰ কৰে চাৰিটা চাবোনৰ বাকচত বহু পৰিমাণৰ ড্ৰাগছ। আটক কৰা জিয়াবুৰ ৰহমান আৰু ফকৰুল ইছলাম নামৰ দুই কুখ্যাত ড্ৰাগছ ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি চলাই আছিল ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় ।
পৰৱৰ্তী সময়ত ধিং থানাৰ অন্তৰ্গত মৈৰাধ্বজৰ ধৃত ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত তালাচী চলাই ৩১ হাজাৰ নগদ ধনৰ লগতে দুটা মবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়। ড্ৰাগছৰ অপব্যৱহাৰৰ বিৰুদ্ধে অভিযানত আহোম গাঁও আৰক্ষীয়ে পূৰ্ণ সহযোগ কৰে। বৰ্তমানলৈকে মিকিৰভেটা আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযানৰ বাবে কাৰ্যকলাপ (Activities-for-anti-drug-operations) অব্যাহত ৰাখিছে।
Pls Comment & share