ধিং লহকৰ গাঁৱৰ তিনিগৰাকী কনমাণি ছাত্ৰীয়ে গৌৰৱ কঢ়িয়াই আনিলে অসমলৈ । 3rd SKFİ National Karate Championship 2021
D24 News Assam: ধিঙত এক উৎসৱমুখৰ পৰিবেশ তিনিগৰাকী ছাত্ৰীক সহপাঠী সকলৰ লগতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰীসকলে ঢোলে দগৰে আদৰণি জনাইছে । কিয়নো তিনিও গৰাকী ছাত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে উজ্বলাই তোলাই নহয় অধ্যয়নৰত বিদ্যালয়ৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ।
গৌৰৱ কঢ়িয়াই আনা তিনি গৰাকী ছাত্ৰী ক্ৰমে ডিম্পল দাস, নয়না দাস আৰু ৰাখী দাস । ধিঙৰ এই তিনি গৰাকী কণমানি ছাত্ৰীয়ে নতুন দিল্লীত অনুষ্ঠিত 3rd SKFİ National Karate Championship 2021 ত অংশ গ্ৰহন কৰি ডিম্পল দাসে দুটাকৈ ৰূপৰ পদক অৰ্জন কৰাৰ বিপৰীতে নয়না দাসে ব্ৰঞ্জৰ পদক আৰু ৰাখী দাসে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে । নতুন দিল্লীৰ পৰা আহি ধিঙত উপস্থিত হোৱাৰ লগে লগে তিনিও গৰাকী ছাত্ৰীক উষ্ম আদৰণি জনোৱা হয় ধিং আঠগাও মজলীয়া বিদ্যালয়ত । গামোছা,মানপত্ৰ আৰু শৰাইয়েৰে আদৰণি জনাই বিদ্যালয় কৰ্তৃপক্ষই । তাৰোপৰি ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বিভিন্ন জনে তিনি গৰাকী ছাত্ৰীক উষ্ম আদৰণি জনোৱাৰ লগতে অভিনন্দন জ্ঞাপন কৰে ইফালে জন্ম ভূমি লহকৰ গাঁও বাসীয়েও তেওঁ লোকক লহকৰ ৰাস মন্দিৰত উস্ম আদৰণী জনায় ৷
ধিঙৰ পৰা ছাইফুল ইছলাম ।।
Pls Comment & share