দুদিনীয়া দেশব্যাপী বেংক ধৰ্মঘট !16 আৰু17 ডিচেম্বৰ/2021ত বন্ধ থাকিব বেংক সেৱা ! কিন্তু , ইণ্টাৰনেট বেংকি সেৱা অব্যাহত থাকিব নে ?
Bank Strike News: ১৬ আৰু ১৭ ডিচেম্বৰত, বেংক কৰ্মচাৰীসকলে দুদিনীয়া দেশব্যাপী ধৰ্মঘট পালন কৰাৰ কথা আছে । এই ধৰ্মঘট চৰকাৰে বেংক সমূহ ব্যক্তিগতকৰণ কৰাৰ বিৰুদ্ধে।SBIকে ধৰি আন কিছু বেংকবোৰে কৰ্মচাৰীসকলক ধৰ্মঘট পালন নকৰিবলৈ আহ্বান জনোৱাৰ পিছতো বেংক কৰ্মচাৰী সংস্থাবোৰ অটল হৈ আছে । STATE BANK OF INDIAই টুইটাৰত টুইট কৰি কৰ্মচাৰীসকলক আবেদন জনাই কয় যে ধৰ্মঘটৰ ফলত কৰোনা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি বেংক গ্ৰাহকসকলৰ বাবে বৃহৎ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। ইতিমধ্যে বেংক ইউনিয়নসমূহলৈ আলোচনাৰ বাবে এছবিআইয়ে নিমন্ত্ৰণো প্ৰেৰণ কৰিছে ।
আনহাতে, চেণ্ট্ৰেল বেংকে ইয়াৰ কৰ্মচাৰী আৰু ইউনিয়নসমূহলৈও চিঠি পত্ৰ লিখি তেওঁলোকৰ সদস্যসকলক বেংকৰ উন্নতিৰ বাবে কাম কৰিবলৈ আহ্বান জনায়। পঞ্জাৱ নেচনেল বেংকেও ইউনিয়ন কৰ্মচাৰীসকলক ধৰ্মঘট নকৰিবলৈ টুইট কৰি আবেদন জনায়। অৱশ্যে বেংক বন্ধ থাকিলেও ইণ্টাৰনেট বেংকি সেৱা অব্যাহত থাকিব।
Pls Comment & share