আৰক্ষীৰ বৰ্বৰতা : লাঠীচালনাত ২৪ গৰাকী ছাত্ৰ-ছাত্ৰী গুৰুত্বৰভাৱে আহত ।
D24 NEWS ASSAM: লাঠীচালনাত গুৰুত্বৰভাৱে আহত ২৪ গৰাকী ছাত্ৰ-ছাত্ৰী সহ মহিলা আৰু পুৰুষ। আৰক্ষীৰ বৰ্বৰ লাঠীচালনাত গুৰুত্বৰভাৱে আহত ক্ৰমে অৰ্চনা বৰ্মণ, ফাৰহানা আহমেদ, ৰশ্মি বৰ্মণ, ইউনিছ আলী, মইনুল ইছলাম, প্ৰান্তব বৰ্মণ, বৰ্ণালী সিংহ, ভাস্কৰ বৰ্মণ, সোণালী বৰ্মণ, সীমা বৰ্মণ, বিপ্লব বৰ্মণ, লুইচ আহমেদ, মিনু বৰ্মণ, চিৰঞ্জীত নম: দাস, অনুপম বৰ্মণ, অভিজিত নাথ, ইছমাইল আলী, হৃদয় নম: দাস, কৌশিক ৰায়, মাছুদ জাকাৰীয়া সেখ, নয়নজিৎ বৰ্মণ, অলকেশ বৰ্মণ আৰু দিপ্তী নাথ। উল্লেখযোগ্য যে, শালকোচা অঞ্চলত বিলাতী সুৰাৰ বিপনী স্থাপনৰ বিৰোধিতা আৰু অনুজ্ঞাপত্ৰ বাতিলৰ দাবীত এই প্ৰতিবাদ কৰিছিল ছাত্ৰ-ছাত্ৰীকে ধৰি বিভিন্ন দল-সংগঠনে। আৰক্ষীৰ এনে কাণ্ডৰ বিৰুদ্ধে ইতিমধ্যে বিলাসীপাৰাৰ বিধায়ক চামচুল হুদাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
Pls Comment & share