আজি মুখ্যমন্ত্ৰীৰ বিশেষে তদাৰকী শাখাই নিলম্বিত আৰক্ষী বিষয়া ৰৌনক আলীৰ বিৰুদ্ধে ১৫৬ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰে ।
নিলম্বিত অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক ৰৌণক আলীৰ আয়তকৈ অধিক সম্পত্তি থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা গোচৰৰ চাৰ্জশ্বিট দাখিল কৰিলে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই। দুই মাহৰ ভিতৰত তদন্তকাৰী বিষয়াই দাখিল কৰিছে আদালতত ১৫৬ পৃষ্ঠাজোৰা অভিযোগনামা । জানিব পৰা মতে, ৰৌণক আলিৰ পত্নী নুছৰত ৰৌণক হাজৰিকাৰ নামো আছে অভিযোগনামাত। ইয়াৰ উপৰিও কন্যালৈ বিভিন্ন একাউন্টেৰে ধনৰ লেনদেন কৰা ফৰিদ আলিৰ লগতে মাটি-বাৰীৰ বিষয়েও সন্নিবিষ্ট আছে অভিযোগনামাত। ৰৌণক আলীৰ মুঠ সম্পত্তি আয়তকৈ ২১০ শতাংশ অধিক।
মুঠ সম্পত্তিৰ মুল্য ৪ কোটি ৯৯ হাজাৰ ৫৯৭ টকা। বিভাগীয় কোনো অনুমতি নোলোৱাকৈয়ে ২০১১ চনৰ পৰা কেইবাবাৰো বিদেশ ভ্ৰমণ কৰাৰ বাবে জুলাই মাহত ৰাজ্য চৰকাৰে ৰৌণক আলীক নিলম্বন কৰাৰ পিছত যোৱা ৫ অক্টোবৰত তেওঁক গ্ৰেপ্তাৰ কৰিছিল। আৰু তাৰ পাছতেই পোহৰলৈ আহে ৰৌনক আলীৰ সমগ্ৰ কাহিনীৰ কথা।
Pls Comment & share