আকৌ আৰক্ষীৰ জালত আৰক্ষী উৎকুচ লৈ ধৰা পৰিল এজন আৰক্ষী ।
তেজপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰঘাট আৰক্ষী চকীত কৰ্মৰত দেৱব্ৰত বিশ্বাস নামৰ আৰক্ষী কনিষ্ঠবল জনে এজন গোচৰীয়াৰ পৰা তিনি হাজাৰ টকা উৎকুচ লোৱাৰ সময়ত শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা দলে হাতে-লোটে ধৰিবলৈ সক্ষম হয়। আৰক্ষী কনিষ্ঠবল দেৱব্ৰত বিশ্বাস জনৰ ওপৰত পূৰ্বৰ পৰাই গোচৰীয়াৰ পৰা ধন সংগ্ৰহ,ধন দাবী আদি অভিযোগ উত্থাপিত হৈ আহিছিল। দেৱব্ৰত বিশ্বাসৰ পৰা অভিযান চলাই নগদ ১৩ হাজাৰ টকা উদ্ধাৰ কৰাৰ উপৰিও বেৰেকৰ পৰা ২০ হাজাৰ টকা উদ্ধাৰ হয় যি টকা দেৱব্ৰত বিশ্বাসে জৰিমনা সংগ্ৰহৰ টকা বুলি দাবী কৰে । ইয়াৰ লগতে অভিযান চলাই আৰক্ষীয়ে কেইবাটাও সোণৰ বিস্কুট উদ্ধাৰ কৰিবলৈ সক্ষম হয়।বৰ্তমানলৈকে এই অভিযান অব্যাহত আছে আৰু বহুতো তথ্য উদ্ধাৰ হব বুলি অনুমান কৰা হৈছে ।
Pls Comment & share