অমিক্ৰন নে ডেল্টা ভেৰিয়েণ্ট কোন বেছি শক্তিশালী ? বিশ্ব স্বাস্থ্য সংস্থাই এই বিষয়ে কি ক'লে ?
ক'ৰোনাৰ বিভীষিকা মাৰ নযাওতেই পুনৰ নতুন ৰূপত ক'ৰোনাৰ আত্মপ্ৰকাশ কৰাৰ পিছতে সমগ্ৰ বিশ্ববাসী আতংকিত হৈ পৰিছে । অ'মিক্ৰণত আক্ৰান্তসকলৰ অৱস্থা গুৰুতৰ ন'হলেও চিকিৎসকে গুৰুত্ব সহকাৰে সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰাৰ প্ৰয়োজন আছে বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীয়ে মত প্ৰকাশ কৰিছে ।ডেল্টাতকৈ অমিক্ৰণত আক্ৰান্ত হোৱা ৰোগীৰ অসুস্থতাৰ হাৰ কম বুলিও জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই । WHOৰ মুৰব্বীয়ে জানিবলৈ দিয়ে, "দক্ষিণ আফ্ৰিকাৰ তথ্যত দেখুৱা হৈছে যে অ'মিক্ৰন প্ৰকাৰত পুনৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা অতি বেছি। অৱশ্যে, এই ভাইৰাছত ভুক্তভোগীসকল ডেল্টা প্ৰকাৰতকৈ কম অসুস্থ হোৱাৰ প্ৰমাণো পোৱা গৈছে ।
Pls Comment & share