ধিঙত ঐতিহাসিক অসম আন্দোলনৰ ৮৫৫ শ্বহীদক চূড়ান্ত অপমান।
কিন্তু অতি পৰিতাপৰ বিষয় যে আজিৰ পৰা প্ৰায় তিনি দশক পূৰ্ব্বেই প্ৰয়াত ছাত্ৰনেতা তথা সেই সময়ৰ অগপ চৰকাৰৰ দিনৰ মন্ত্ৰী দীগেন বৰাৰ লগতে ধিঙৰ কেইজনমান স্বনামধন্য ব্যক্তিৰ প্ৰচেষ্টাত ধিঙৰ মাজমজিয়াত তথা ঐতিহ্যমণ্ডিত জগন্নাথ মন্দিৰৰ সমীপত ৮৫৫ গৰাকী ছহিদৰ স্মৃতি যুগমীয়া কৰি ৰক্ষাৰ উদ্দেশ্যে স্থাপন কৰিছিল ছহিদ ভৱন।
কিন্তু অতি দুৰ্ভাগ্যজনক ভাৱে আজিও কাৰ্যক্ষম হৈ নুঠিল ধিঙৰ এই ছহিদ ভৱনটো। আজি পবিত্ৰ শ্বহীদ দিৱসৰ দিনটোতো এই শ্বহীদ ভৱনত নজলিল এগছি বন্তি। ধিঙৰ এই ছহিদ ভৱনটোৰ নামত বিভিন্ন সময়ত বিভিন্ন চৰকাৰী আঁচনিৰ নামত ধন আৱন্টন হৈ আহিছে যদিও সেই ধন কেনেকৈ কত খৰছ কৰা হৈছে কাৰ পকেটত কিমান ধন সোমাইছে তাৰো কোনো হিচাপ নাই। ছহিদ ভৱন সমিতিৰ একাংশ বিষয়ববীয়াৰ লগতে ঠিকাদাৰৰ খীড়তি গাইলৈ পৰিণতহে হৈছে ছহিদৰ স্মৃতি বিজড়িত এই ছহিদ ভৱনটো।
আজি ছহিদ দিৱসৰ দিনাও এগছি বন্তি জ্বলাবলৈ আহৰি নাই ছহিদ ভৱনৰ দায়িত্বত থকা বিষয়ববীয়া সকলৰ। যাক লৈ গৰজি উঠিছে ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে স্থানীয় সচেতন ব্যক্তি সকল। ছহিদৰ নামত উৎসৰ্গিত ভৱনটো ব্যৱহাৰৰ উপযোগী হোৱাকৈ শীঘ্ৰেই মুকলি কৰাৰ দাবী কৰিছে ধিং আছুৰ লগতে সমগ্ৰ ধিং বাসী ৰাইজে।
Pls Comment & share