দুৰ্নীতি নিবাৰক শাখাৰ অভিযান হোজাইৰ চক্ৰ বিষয়া কাৰ্যলয়ত : উৎকোচ লোৱা অৱস্থাত হাতে লোটে গ্ৰেপ্তাৰ লাট মণ্ডল দেবানন্দ বৰা।
জামুহণ্ডল গাঁওৰ দায়িত্বত থকা মণ্ডল গৰাকীয়ে স্থানীয় যুৱক জিৎদ্বীপ বৰাৰ পৰা মাটি বিক্ৰীৰ অনুমতি ওলাই দিয়াৰ নামত যোৱা ১৫ ডিচেম্বৰত দাবী কৰিছিল ৩ হাজাৰ টকা ।
সেইমতে মণ্ডলজনে ২৫০০ টকাত যুৱকজনৰ সৈতে কৰিছিল বন্দবস্ত। উক্ত টকাৰ আগধন হিচাপে আজি ১ হাজাৰ টকা লোৱাৰ সময়তে মণ্ডল জনক কাৰ্যলয়তে হাতে লোটে কৰায়ত্ত কৰে দুৰ্নীতি নিৰ্বাৰক শাখাৰ ১১ জনীয়া এটা দলে ।
ইয়াৰ পিছত কেইবাঘণ্টা জোৰা চলোৱা জেৰাৰ অন্তত ধৃত মণ্ডল দেবানন্দ বৰাক লগত লৈ সন্ধিয়া গুৱাহাটীলৈ ৰাওনা হৈছে দুৰ্নীতি নিবাৰক শাখাৰ দলটো।
Pls Comment & share