এগৰাকী পাষাণ হৃদয়ৰ মাতৃৰ কুকৰ্ম দুই সন্তানক এৰি পলায়ন পৰ পুৰুষৰে ।
D24NEWSASSAM : বিহালীত এগৰাকী মহিলাৰ পাষাণ হৃদয়ৰ মাতৃৰ কুকৰ্মৰ ফলত মাতৃ স্নেহৰ পৰা বঞ্চিত দুই শিশু । বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত চেৰেলীয়া পথাৰৰ ফাতেমা বেগম নামৰ মহিলা গৰাকীয়ে বৰগাংৰ মৰাণ গাওঁৰ যুৱক মঃ কামাল ধালীৰ সৈতে যোৱা ১০ ডিচেম্বৰ তাৰিখে পলাই যায় ।
উক্ত দিনাই মহিলা গৰাকীৰ স্বামী আমীৰ আলীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত বিহালী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । এটি ৯ বছৰীয়া আৰু এটি ৫ বছৰীয়া শিশুৰ মাতৃ হৈয়ো কিহৰ তাড়নাত পৰি আচলতে এইদৰে মহিলা গৰাকী সংসাৰ এৰি পলায়ন কৰে সেয়া ৰহস্যৰ আৱৰ্তত । অন্যহাতে, স্বামী আমীৰ আলীৰ অভিযোগ ফাতেমা বেগম নামৰ মহিলা গৰাকীয়ে তেওঁ ঘৰত ব্যৱসায়ৰ বাবে সঞ্চয় কৰি ৰখা ১ লাখ ৪৫ হাজাৰ টকা সহ প্ৰায় ৩০ হাজাৰ টকাৰ সোণৰ বিভিন্ন আ-অলংকাৰ মহিলা গৰাকীয়ে চুৰি কৰি লৈ যায় । এইক্ষেত্ৰত সমগ্ৰ বিষয়টো এজাহাৰৰ জৰিয়তে বিহালী আৰক্ষীক জনোৱাত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমান লৈকে কোনো ধৰণৰ শুংসূত্ৰ লাভ কৰা নাই মহিলা গৰাকীৰ ।।
Pls Comment & share