মাটিৰ দালালৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযানত এজন গ্ৰেপ্তাৰ।
D24NEWSASSAM : ৰাজ্যৰ মূখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়াৰ পাছৰে পৰা মাটিৰ দালাল আৰু সুদ ব্যৱসায়ীৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে কেইবাজনো মাটিৰ দালাল আৰু সুদ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে । এই অভিযানৰ ফল স্বৰুপে নগাঁও আৰক্ষীয়ে পুনৰ নগাঁও চহৰৰ উৰিয়াগাৱত অভিযান চলাই এজন মাটি দালাল তথা সুদ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত মাটি দালাল টোৰ নাম কৃষ্ণ কান্ত হাজৰিকা । ধৃত কৃষ কান্ত হাজৰিকাই একাংশ লোকৰ ধন সুধত দি বলপূৰ্বক বাবে মাটি দখল কৰাৰ অভিযোগ উত্থাপিত হৈছে। একাংশ ভুক্তভোগী লোকৰ অভিযোগৰ ভিত্তিত নগাঁও আৰক্ষীৰ এটা অভিযানকাৰী দলে উৰিয়াগাঁৰ নিজ বাস ভৱনৰ পৰা কৃষ্ণ কান্ত হাজৰিকাক গ্ৰেপ্তাৰ কৰাৰ লগতে বুজন মাটিৰ নথি পত্ৰ, বিভিন্ন বেংকৰ এ টি এম কাৰ্ড আদি জব্দ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি নগাঁও সদৰ থানাত অধিক তথ্য উদঘাটনৰ বাবে কৃষ্ণ কান্ত হাজৰিকাক জেৰা অব্যাহত ৰাখিছে ।
Pls Comment & share