ধিঙৰ চৰাঞ্চলৰ নিৰীহ লোকৰ ওপৰত মাতব্বৰৰ গুণ্ডাৰাজ : কোন এই মাতাব্বৰ মূৰব্বী ?
সম্প্ৰতি তেনে এক ঘটনা পুনৰ সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে ধিঙৰ চৰাঞ্চলৰ সোনসেৰীত ।সোনসেৰীৰ কৃষক সকলৰ ওপৰত আব্দুল মজিদ আৰু চিৰাজুলৰ গুন্ডাবাহিনীয়ে অকথ্য নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এইসকল কৃষকে ।বছৰ বছৰ ধৰি চৰাঞ্চলৰ কৃষিভূমি জুৰজবদষ্টিৰে আব্দুল মজিদ আৰু তাৰ গুন্ডাবাহিনীয়ে দখল কৰি কৃষি ভূমি বেচা কিনা কৰি আহিছে বুলি জানিব দিয়ে ।আব্দুল মজিদ আৰু চিৰাজুল ইছলামৰ কথা কোনো লোকে অমান্য কৰিলেই সন্মুখীত হ'বলগীয়া হ'য় চৰম শাস্তি ।আনহাতে কেইদিনমান পূৰ্বে মহিলা এগৰাকীৰ ধন লৈ শাৰীৰিক নিৰ্যাতন চলোৱাৰ কথা সদৰী কৰে ভূক্তভোগী মহিলা গৰাকীয়ে ।ইয়াৰ উপৰিও আব্দুল মজিদ আৰু চিৰাজুল ইছলামৰ গুন্ডাবাহিনীয়ে এজন বৃদ্ধাক মাৰপিট কৰি নিজ ঘৰত বান্ধী ৰখাৰো আছে জ্বলন্ত উদাহৰণ, উপায়ন্ত বৃদ্ধাজনক অৱশেষত গাওঁবুঢ়াই উদ্ধাৰ কৰিছে বুলি জানিব দিয়ে ভুক্তভোগী বৃদ্ধ গৰাকীয়ে ।আব্দুল মজিদ আৰু চিৰাজুল ইছলামে কৃষকসকলৰ পৰা বলপূর্বকভাৱে ধন লৈ কৃষিভূমি দিম বুলি লাখ লাখ টকা আত্মসাৎ কৰি বিলাসী জীৱন যাপন কটাইছে বুলি জানিব দিয়ে স্থানীয় লোকে ।কোনো চৰকাৰী চাকৰি নথকা বা কৰ্মক্ষেত্ৰলৈ যোৱা দেখা নোপোৱা এইজন আব্দুল মজিদৰ অবাধ সম্পতিৰ ভৰলৰ মালিক হোৱাৰ ৰহস্য কৃষক সকলক লুণ্ঠন কৰি ঘটিছে বুলি জানিব দিয়ে ভুক্তভোগী লোকসকলে ।আব্দুল মজিদ আৰু চিৰাজুল ইছলামৰ এই নিৰ্যাতনৰ পৰা এইসকল কৃষকে কেতিয়া পৰিত্ৰাণ পাব সেইটোহে লক্ষ্যণীয় হব কিন্ত ইতিপূৰ্বে আব্দুল মজিদ আৰু চিৰাজুলৰ বিৰুদ্ধে বহু গোচৰ ৰুজু হৈ আছে বুলি জানিব দিয়ে ।সেয়েহে এইসকল লোকৰ প্ৰতি চৰকাৰে কেনে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰবৰ্তী সময়তহে বুজিব পৰা যাব ।
Pls Comment & share