ধিঙৰ এজন উদিয়মান যুৱকৰ প্ৰশংসনীয় পদক্ষেপ । পেডেল মাৰি মাৰি... ভৰিৰ বিষ উঠোৱাৰ আৰু প্ৰয়োজন নাই : পেডেল নমৰাকৈয়ে চলিব চাইকেল।
এতিয়া আৰু পেডেল মাৰিব নালাগে । অত্যাধুনিক সা-সৰঞ্জাম নোহোৱাকৈ ধিঙৰ এইজন যুৱকে ঘৰতে সাজি উলিয়ালে অভিনৱ বাইচাইকেল। ধিঙৰ এজন উদিয়মান যুৱকৰ প্ৰশংসনীয় পদক্ষেপ । এখন মটৰ চাইকেল কিনিবলৈ অসমৰ্থ আৰু পেট্ৰোলৰ অতিৰিক্ত মূল্যবৃদ্ধিৰ বাবে ধিঙৰ গণেশ দেৱনাথ নামৰ যুৱকজনে সাজি উলিয়ালে এখন যন্ত্রচালিত ইলেক্টিক চাইকেল ।
চাইকেল খনৰ গতিবেগ সম্পূৰ্ন চাৰ্জ হলে ৩০/৩৫ কিলোমিটাৰ যাব পাৰে বুলি জানিব দিয়ে গনেশ দেৱ নাথে । প্ৰদূষণ মুক্ত ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ এই বিশেষ ইলেক্টিক চাইকেলখন । মটৰ চাইকেলৰ প্ৰায় সমপয্যায়ে নিৰ্মিত এই চাইকেলখন । একচিলেটৰ লাইট,হৰণ আদি সকলো আছে চইকেলখনত । ধিঙৰ পৌৰসভাৰ এলেকাধীন ৪নং ৱাৰ্ডৰ সাধাৰণ ঘৰৰ যুৱক গনেশ দেৱনাথৰ এনে পদক্ষেপক সকলোৱে শলাগ লোৱাৰো পৰিলক্ষিত হৈছে ।
Pls Comment & share