ধিঙত ওলাইছে ব্যতিক্ৰম বাবা : মাচুল ৫০০ টকা...
নাম এওৰ আজিজুল হক ।এইজন ভণ্ড বাবাই লাউৰ পৰিবৰ্তে জৰা-ফুঁকা কৰে চোতাল সৰা ঝাড়ুৰে। পানী কেচুৱাকো এই ঝাড়ুৰেই কৰে জৰা-ফুঁকা । পিছে এইজন বাবাৰ জৰা-ফুঁকাৰ মাচুল শুনিলে আপোনাৰ চকু কপালত উঠিব ।
৫০০ টকা মাচুল লোৱা এইজন বাবাই অঞ্চলত থকা সহজ-সৰল মানুহৰ পৰা লুটিছে হাজাৰ হাজাৰ টকা। অবৈধ ভাৱে চিকিৎসা কৰা এইগৰাকী বাবাৰ বিৰুদ্ধে অঞ্চলজুৰি এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ঝাড়ু বাবাৰ এনে ঠগ বাজীত অতীষ্ঠ হৈ গাঁওবাসীয়ে অভিযোগ দাখিল কৰিছে আহোমগাঁও আৰক্ষী চকীত। কিন্তু এইজন ভণ্ড ঝাড়ু বাবাৰ বিৰুদ্ধে প্ৰশাসনে বৰ্তমানেও লোৱা নাই কোনো ধৰণৰ ব্যৱস্থা ।
Pls Comment & share