ভুক্তভোগী কৃষকৰ দুৰ্দশা, মধ্যভোগী ব্যৱসায়ীৰ কৱলত পাচলিৰ বজাৰ, আকাশলঙ্ঘী শাক পাচলিৰ মূল্য,কিমান লাভৱান হৈছে প্ৰকৃত কৃষক ।
কিন্তু অত্যধিক দামত বজাৰত বিক্ৰী হলেও মুৰৰ ঘাম মাটিত পেলাই উৎপাদন কৰা কৃষকসকলে পাচলিৰ উচিত মূল্য লাভ কৰিছেনে ? নে কৃষকৰ এই কষ্টোপাৰ্জিত ফচলৰ ওপৰত অধিক মুনাফা লুটিছে একাংশ মধ্যভোগী ব্যৱসায়ীয়ে ? তেনে দৃশ্যই এতিয়া দেখিবলৈ পোৱা গৈছে বৃহত্তৰ ধিং অঞ্চলত
এখন বৃহৎ বজাৰ থকাৰ পাছতো ধিঙৰ প্ৰকৃত কৃষকসকলে লাভ নকৰে উৎপাদিত ফচলৰ উচিত মূল্য । তাৰ বিপৰীতে মধ্যভোগী ব্যৱসায়ীয়ে কৃষকৰ মুৰত ৰামটাঙোন সোধাই লুটিছে মুনাফা । দৰিদ্ৰ কৃষকৰ এনে দুৰ্দশাৰ সময়ত কিন্তু কাষত থিয় দিবলৈ সময় নাই চৰকাৰৰ তথা সংশ্লিষ্ট বিভাগৰ । ভুক্তভোগী কৃষকৰ চৰকাৰলৈ আহ্বান এইক্ষেত্ৰত এক উচিত প্ৰদক্ষেপ গ্ৰহন কৰক দৰিদ্ৰ কৃষকৰ স্বাৰ্থত ।
Pls Comment & share