অসমত আজিও গৃহীত কৰা নহল Anti Lynching Act.উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্যক পৃথককৈ Anti Lynching Act আইন এখন প্ৰণয়ন কৰিবলৈ ২০১৮ চনত নিৰ্দেশ দিয়াৰ পিছতো অসমে গৃহীত কৰা নাই Anti Lynching Act
অনিমেষ ভূঞাক গণ প্ৰহাৰ কৰি হত্যাৰ কৰাৰ ঘটনা অসমত প্ৰথম বাৰৰ বাবেই হোৱা নাই । এনে ঘটনাই মানৱ সমাজৰ সভ্য মানুহৰ মন,মগজু জোকাৰি যায় । ভূঞাৰ হত্যাৰ মূল অভিযুক্ত ক’লা ল’ৰাৰ ইতিমধ্যে মৃত্যু হোৱাত প্ৰতিজনলোকে সাময়িকভাৱে সন্তুষ্টি লাভ কৰিলেও এইয়া কিন্তু সমস্যাৰ সমাধান নহয় । ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০১৮ চনতে এই সন্দৰ্ভত এক শুনানি গ্ৰহণ কৰি গণ প্ৰহাৰক “horrendous act of mobocracy” বুলি আখ্যা দি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক পৃথককৈ এখন Anti Lyching Act আইন প্ৰণয়ন কৰাৰ নিৰ্দেশ দিছিল ।
দেশৰ ভিতৰত প্ৰথমে মণিপুৰ ৰাজ্যই গণ প্ৰহাৰ প্ৰতিহত আইন প্ৰণয়ন কৰি বিধানসভাত গণ প্ৰহাৰৰ পৃথক সংজ্ঞা নিৰূপণ কৰি প্ৰতিখন জিলাতে তেনে ঘটনা প্ৰতিহত কৰিবলৈ একোজন Nodal officer নিয়োগৰ ব্যৱস্থা কৰা হৈছে । এই আইন খনৰ এক বিশেষ বিশেষত্ব হৈছে গণ প্ৰহাৰৰ ঘটনা প্ৰতিহত কৰিব নোৱাৰা পুলিচ বিষয়াজনো শাস্তীৰ সন্মুখীন হ'ব ।
গণ প্ৰহাৰৰ ঘটনা সংঘটিত হোৱাৰ সময়ত নীৰৱ দৰ্শক হৈ চাই থকা পুলিচ বিষয়া জনৰ বিৰুদ্ধে এই আইনৰ অধীনত গোচৰ ৰুজু হ’ব আৰু দোষী সাব্যস্ত হলে 50000 টকা পর্যন্ত জৰিমনা, তিনি বছৰ পর্যন্ত জেল খাটিব লাগিব । পুলিচ বিষয়া জনৰ বিৰুদ্বে গোচৰ ৰুজু কৰিবলৈ প্ৰয়োজন নহব কোনো অনুমতিৰ । পশ্চিম বংগ আৰু ৰাজস্থানে অনুৰূপ আইন প্ৰণয়ন কৰিছে যদিও এতিয়ালৈ এই আইন কেইখনে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অনুমোদন লাভ কৰা নাই ।
গৃহ মন্ত্ৰণালয়ে এই আইন কেইখনৰ সাংবিধানিক বৈধতা, কেন্দ্ৰীয় আইনৰ পৰিপন্থী নেকি আদি দিশবোৰ পৰীক্ষা নিৰীক্ষা কৰি অনুমোদন প্ৰদান কৰাৰ পিছত ৰাষ্ট্ৰপতিয়ে মোহৰ লগাব । অসম স্থিত আইনী প্ৰতিষ্ঠান North East Legal Organizationয়ে Covid-19ত আক্রান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি ডঃ সেউজ সেনাপতিক গণ প্ৰহাৰ কৰাৰ ঘটনাৰ পিছতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি এখন Anti Lynching Act গৃহীত কৰাৰ দাবী উত্থাপন কৰিছিল ।গণ প্ৰহাৰৰ ঘটনাৰ গোচৰ সাধাৰণতে ১৮৬০চনৰ ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত ৰুজু কৰা হয় । কিন্তু এখন পৃথক আইনী ব্যৱস্থাই এনে ঘটনা প্ৰতিহত কৰাত ৰাজ্য চৰকাৰৰ কাৰণে সহায়ক হ’ব ।
যোৰহাটৰ গাভৰু পৰ্বত চাহ বাগিচাৰ দেৱাশিষ গগৈ, সনাতন ডেকাক গুৱাহাটীত এজাক উদণ্ড যুৱকে উপৰ্যুপৰি প্ৰহাৰ কৰি হত্যা কৰা ঘটনা, ২০১৩চনত ডিফুত হত্যা কৰা ঝংকাৰ শইকীয়া, ২০১৮চনত কাৰ্বি আংলঙত উদ্দণ্ড মানুহৰ দলে হানি খুচি হত্যা কৰা নিলোৎপল দাস আৰু অভিজিতৰ কথা পাহৰণি গৰ্ভত মাৰ নাযাওতেই যোৱা ২৯নৱেম্বৰত হত্যা কৰা হ’ল অনিমেষ ভূঞাক ।
এই অসমত গণ প্ৰহাৰত নিহত হোৱা লোকৰ তালিকা বহুত দীঘল । সামগ্ৰিকভাৱে মানুহে বিষয়টো কিছুদিন ৰাজহুৱা মঞ্চত আলোচনা বিলোচনা কৰে আৰু পিছত আন এক তেনে অনুৰূপ ঘটনা সংঘটিত নোহোৱালৈ পাহৰণি গৰ্ভত বিলীন হয় । ভূঞাৰ হত্যাৰ মূল অভিযুক্ত ক’লা ল’ৰাৰ ইতিমধ্যে মৃত্যু হোৱাত ৰাইজে সাময়িকভাৱে সন্তুষ্টি লাভ কৰিলেও ই কিন্তু সমস্যাৰ সমাধান নহয় ।
Pls Comment & share