উত্তপ্ত পৰিস্থিতি নাওবৈচা আৰক্ষী চকীত : নাওবৈচা আৰক্ষী চকী শ শ পুৰুষ-মহিলাই ঘেৰাও কৰিছে ।
হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত তদন্ত নকৰাৰ অভিযোগৰ আঙুলি আৰক্ষীৰ বিৰুদ্ধে। যাক লৈ ক্ষুন্ন শতাধিক জনতা। তাৰেই প্ৰতিবাদত আৰক্ষী চকী ঘেৰাও শতাধিক পুৰুষ-মহিলাৰ। জানিব পৰা মতে আজি কিছুদিন পূৰ্বে গেন্দালীৰ অনিল নাথ নামৰ প্ৰায় ৪০ বছৰীয়া লোকজনে নিজৰ কৰ্মস্হলীৰ পৰা ওভতি আহি পেৰাবাৰীত থকা নিজৰ মোমায়েকৰ ঘৰত সোমাইছিল। তাৰ পিছৰ পৰা অনিল নাথ নামৰ লোক জন সন্ধানহীন হৈ আছিল। আৰু তাৰ পিছ দিনা পুৱাৰ ভাগত অনিল নাথৰ মৃতদেহ পোৱা গৈছিল। সেই সন্দৰ্ভত নাওবৈচা আৰক্ষী চকীত গোচৰ ৰজু কৰা হৈছিল যদিও আজিলৈকে আৰক্ষীয়ে কোনো তদন্ত নকৰাৰ বাবে আজি নাওবৈচা আৰক্ষী চকী শতাধিক পুৰুষ মহিলাই ঘেৰাও কৰে।
Pls Comment & share