নগাঁৱৰ চাৰি বছৰীয়া জন্যনাৰ নাম উজলিল ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত । ৭৭ টা দেশী-বিদেশী পক্ষীৰ নাম এক মিনিটৰ ভিতৰত কৈ জন্যনাই "ইন্ডিয়া বুক অৱ ৰেকৰ্ডচ ২০২১" ত নিজৰ নাম লিপিবদ্ধ কৰিলে ।
একাগ্ৰতা আৰু নিৰবিচ্চিন্ন প্ৰয়াস থাকিলে অসাধ্যকো সহজতে সফল কৰিব পাৰি । তাকেই যেন প্ৰমাণ কৰি দেখোৱালে চাৰি বছৰীয়া জনয়া অনুপাল শৰ্মা নামৰ চাৰি বছৰীয়া কণমানি শিশুটিয়ে। মাত্ৰ এক মিনিটৰ ভিতৰত ৭৭টা দেশী-বিদেশী পক্ষীৰ ইংৰাজী নাম কৈ জন্যনাই "ইন্ডিয়া বুক অৱ ৰেকৰ্ডচ ২০২১" ত নিজৰ নাম লিপিবদ্ধ কৰি নগাও তথা সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। মাত্ৰ চাৰি বছৰ ২মাহ ১৪ দিনত কণমানি জন্যনাই এই গৌৰৱৰ অধিকাৰী হৈছে। জনয়াৰ এই সাফল্যত উৎফুল্লিত পিতৃ অনুপল শৰ্মা আৰু মাতৃ পৰিস্মিতা কাশ্যপে জানিবলৈ দিয়া মতে বিগত লকডাউনৰ সময়চোৱাত কেবল ফ্লেটৰ কোঠাতে আবদ্ধ হৈ থাকিব লগীয়া হোৱাত তেওঁলোকে একমাত্ৰ জীয়াৰীক ফুল, চৰাই, ফল আদিৰ নাম শিকাইছিল। কণমানি জনয়াই উক্ত নাম সমূহ অতি ক্ষীপ্ৰতাৰে আয়ত্ত কৰাত উৎফুল্লিত হৈ তেওঁলোকে ইন্ডিয়া বুক অৱ ৰেকৰ্ডচত ২১ অক্টোবৰ ২০২১ত বাণীবদ্ধ কৰায়। উল্লেখ্য যে কণমানি জনয়া অনুপাল শৰ্মাৰ পিতৃ-মাতৃ নগাওঁ জিলাৰ আমোলাপট্টিৰ বাসিন্দা যদিও কৰ্মসুত্ৰে তেওঁলোক বৰ্তমান মহাৰাষ্ট্ৰৰ বাসিন্দা।
Pls Comment & share