CHILD LINE আৰু প্ৰশাসনৰ অৱশেষত গা-লৰিল । উদ্ধাৰ শিশু শ্ৰমিক, গ্ৰেপ্তাৰ ভাটাৰ মালিক।
ধাৰাবাহিক সংবাদ মাধ্যমৰ বাতৰিৰ পাছতেই ৰহস্যজনক ভাবে নিৰৱ হৈ থকা নগাঁও জিলা প্ৰশাসন আৰু CHILD LINE ৰ অৱশেষত গা লৰিল। 29 November তাৰিখে প্ৰকাশ হোৱা আমাৰ বাতৰি প্ৰকাশ হোৱাৰ পিছতেই এতিয়া ধিং অঞ্চলত থকা অবৈধ আৰু শিশু শ্ৰমিক থকা ভাটাই ভাটাই চলিছে নগাঁও জিলা প্ৰশাসন আৰু Child line ৰ অভিযান । ইটা ভাটাৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন আৰু চাইল্ড লাইনৰ তীব্ৰ অভিযান অব্যাহত আছে । ধিঙৰ ১২ টাকৈ ইটা ভাটাত চলোৱা অভিযানত উদ্ধাৰ হৈছে কেইবাগৰাকীও শিশু শ্ৰমিক । আনহাতে আটক হৈছে এজন ইটা ভাটাৰ মালিক। আটকাধীন 5G নামৰ ইটা ভাটাৰ মালিক জনৰ নাম তজমুল ইছলাম । ধিঙৰ ইটা ভাটা সমূহত বিগত বহু দিনৰ পৰাই শিশু শ্ৰমিক নিয়োগ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল ! ধিং ৰাজহ চক্ৰ বিষয়া সন্তোষ কুমাৰ নাথ, ধিং আৰক্ষী আৰু চাইল্ড লাইনে চলাই এই অভিযান । আৰক্ষী প্রশাসন অহাৰ উমান পায় ইটা ভাটাত নিয়োজিত শিশু শ্ৰমিকক লৈ কেইবাও ভাটাৰ মালিকে পলায়ন কৰিবলৈ সক্ষম হয় ।
Pls Comment & share