ধিঙৰ লহকৰঘাট পঞ্চায়তত বিজেপি নেতাৰ গুণ্ডাগীৰি।
এই ঘটনাই বৰ্তমান তীব্ৰ চাঞ্চল্যক সৃষ্টি কৰিছে লহকৰ গাঁৱত। অভিযোগ মতে, চৰকাৰী নীতিবৰ্হিভূত ভাৱে লেতেৰী বিলত মাছ মৰা কাৰ্য বাধা প্ৰদান কৰিবলৈ যোৱা সময়তে পঞ্চায়ত সভানেত্ৰী নুৰজাহান বেগমৰ লগতে স্বামী জীয়াবুৰ ৰহমানক আক্ৰমণ গুলজাৰ বাহিনীৰ দলে।
এই আক্ৰমণত পঞ্চায়ত সভানেত্ৰীৰ গাড়ীখনো ক্ষতিসাধন কৰে আক্ৰমনকাৰী দলটোৱে। এই আক্ৰমণত আবু কালাম, আবু তাহেৰ ৱাকিবুৰ,মীৰাজ আলি, সিৰু, ছহিদুল, আশ্বাদূল জড়িত বুলি জনাইছে অভিযোগকাৰীয়ে।
এই আক্ৰমণৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে জীয়াবুৰ ৰহমান আৰু পঞ্চায়ত সভানেত্ৰী নুৰজাহান বেগমে। উল্লেখযোগ্য যে, বিজেপি নেতা তথা গুলজাৰ হুছেইন নামৰ গুণ্ডাৰূপী নেতাজনে বিগত বহু দিনৰ পৰাই অবৈধ ভাবে এখন চৰকাৰী বিলৰ মাছ ধৰি বিক্ৰী কৰি আহিছিল যদিও এই ক্ষেত্ৰত বাৰম্বাৰ অভিযোগ দিয়াৰ পাছতো ধিং আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল।
যাৰ ফলত আজি গুলজাৰে এনে আক্ৰমণৰ ঘটনা সংঘটিত কৰিবলৈ সাহস পাইছে বুলি অভিযোগ উখাপিত হৈছে।
Pls Comment & share