BREAKING NEWS .... সাম্প্ৰদায়িক কন্দল লগাব অহা সত্যৰঞ্জন বৰা গ্ৰেপ্তাৰ। বাঘৰ দৰে গুজৰি গুমুৰি আহি অৱশেষত ভিজা মেকুৰিৰ দৰে গ্ৰেপ্তাৰ হব লগা হল সত্যৰঞ্জন বৰা।
যাৰ ফলস্বৰূপে আজি পুৱাৰে পৰাই ধিং সমষ্টিৰ শ শ ৰাইজে জোতা, চেণ্ডেলৰ ডাঙৰ ডাঙৰ মালা তৈয়াৰ কৰি দিনজুৰা অপেক্ষা কৰি আছিল সত্যৰঞ্জনক আদৰণি জনাবলৈ । আৰু ধিঙৰ ৰাইজৰ আমন্ত্ৰন ৰক্ষা কৰি আজি সত্যৰঞ্জন আহি বটদ্ৰৱা থানত উপস্থিত হৈ সেৱা লৈ সংবাদ মাধ্যমৰ আগত পুনৰ কৰিলে মুছলমান বিৰোধী আৰু কোৰাণ বিৰোধী বিতৰ্কিত মন্তব্য ।
সত্যৰঞ্জনক আৰক্ষীয়ে বাধা আৰোপ কৰিলেও যি কোনো প্ৰকাৰে আমিনুলৰ ঘৰত যাব বুলি উল্লেখ কৰি বিধায়ক আমিনুলক লক্ষ্য কৰি বিভিন্ন ধৰণৰ সমালোচনা কৰে । অকল এয়াই নহয়, বিতৰ্কিত সত্যৰঞ্জননে কয় যে, আজি কৃষ্ণৰ দৰে আহিছো ভালদৰে বিদায় নিদিলে কৰুক্ষেত্ৰৰ ৰণ কৰিবলৈ সাজু আছো । কিন্তু আমিনুলৰ ঘৰলৈ যোৱা নহল সত্যৰঞ্জনৰ, বাঘৰ নিচিনা আহি মেকুৰীৰ দৰে ৰাস্তাৰ পৰাই গ্ৰেপ্তাৰ হল সত্যৰঞ্জন বৰা ।
আমিনুল ইছলামৰ ঘৰত যোৱা নহল সত্যৰঞ্জনৰ । প্ৰসংগ, কামাখ্যা মন্দিৰত মোগল বাদশ্বাহ ঔৰংগজেৱে মাটি দিয়া বুলি এক বিতৰ্কিত মন্তব্য কৰিছিল ধিঙৰ বিধায়ক আমিনুল ইছলামে । তাৰ পিছতেই তথাকথিত হিন্দুতৃববাদী নেতা সত্যৰঞ্জন বৰাই বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল দুদিনৰ ভিতৰত আমিনুলক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে আমিনুলৰ ঘৰত উপস্থিত হৈ আক্ৰমণৰ সকিয়নি দিছিল সত্যৰঞ্জনে ।
কিন্তু আমিনুলৰ ঘৰলৈ যোৱা নহল সত্যৰঞ্জনৰ, বাঘৰ নিচিনা আহি মেকুৰীৰ দৰে ৰাস্তাৰ পৰাই গ্ৰেপ্তাৰ হল সত্যৰঞ্জন সহ বহু কেইজন সহযোগী । ৰাস্তাৰ পৰাই নগাঁও আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰি নগাঁৱলৈ লৈ যায় বিতৰ্কত সত্যৰঞ্জন বৰাক । ইফালে ধিঙৰ AIUDF কৰ্মীৰ আশাত চেছা পানী সত্যৰঞ্জনক আদৰিব নোৱাৰাৰ বাবে অৱশেষত জোতা, চেণ্ডেলৰ মালা লৈ অপেক্ষাত ৰৈ ৰৈ ভাগৰি পৰা এইসকল লোকে বিধায়কৰ ঘৰত একেলগে মিঠাই খালে ।
Pls Comment & share