শালকাটিত নগাঁও চাইল্ডলাইনৰ অভিযান। বাল্যবিবাহৰ পৰা উদ্ধাৰ কৰিলে নাবালিকা।
নিজধিং গায়নগাৱৰ চিৰাজ আলীৰ পুত্ৰ শ্বৰিফুল হকৰ বিবাহৰ বাবে এটা দালাল চক্ৰৰ সহযোগত নাবালিকা গৰাকীৰ পিতৃক হেচা প্ৰয়োগ কৰি বিবাহৰ বাবে সন্মত কৰাইছিল। আৰক্ষী আৰু চাইল্ড লাইনৰ কৰ্মচাৰী সকল বিবাহ স্হলীত উপস্হিত হোৱাত সেই দালাল চক্ৰটো পলায়ন কৰে।
ইফালে নগাঁও জিলাৰ চাইল্ড লাইন তথা শিশু কল্যাণ সমিতিয়ে দৰা আৰু কন্যাৰ অভিভাৱকৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
ধিংৰ পৰা ছাইফুল ইছলামৰ ৰিপৰ্ট
Pls Comment & share