D24NEWSASSAM: অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী যুৱতীৰ কৰুণ কাহিনী।
D24NEWSASSAM: এগৰাকী ১৮ বছৰীয়া যুবতী,নাম ৰঞ্জিতা মেধি।পিতৃৰ নাম কেশৱ মেধি মাতৃ বুলি মেধি। মৰিগাঁও জিলাৰ চাবুকধৰা পঞ্চায়তৰ বঙলাবড়ী গাঁৱৰ এটি অতি দৰিদ্ৰ এই পৰিয়ালটোৱে এতিয়া ভূগিব লগীয়া হৈছে যমৰ যাতনা, কিয়নো কেশৱ মেধি অৰু বুলি মেধিৰ জিয়াৰি ৰঞ্জিতাই বিগত ৯ বছৰ ধৰি ভূগি আহিছে এক জটিল ৰোগত ।
হাত ভৰি অস্বাভাৱিক হোৱাৰ লগতে অসহ্য বিষত দিন ৰাতি পাৰ কৰিছে এইগৰাকী দূৰভগীয়া যুৱতীয়ে । দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পিতৃ মাতৃয়ে বহু কষ্টৰে চিকিৎসা কৰিছে যদিও কোনো সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই ।
দূৰ্ভগীয়া পিতৃ মাতৃয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শর্মাৰ লগতে স্বাস্থ্য মন্ত্ৰী, ব্ৰটদবাৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা আৰু বৰ্তমানৰ বিধায়িকা শিৱামনি বৰাকো কৰযোৰে অনুৰোধ কৰিছে, যাতে এই দুখীয়া পৰিয়ালটোক জীয়াই থকাৰ স্বাৰ্থত লগতে ৰঞ্জিতা মেধিৰ চিকিৎসাৰ ক্ষেত্রত সহায়ৰ হাত আগবঢ়ায়। লগতে কোনো সদাশয় ব্যক্তিয়ে যদি এই দূৰভগীয়া পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াব বিছাৰে তেন্তে মাতৃ বুলি মেধিৰ Ac no- 114001000033431 IFSCcode- Ioba 0001140 এই নম্বৰত সহায় আগবঢ়াব পাৰিব ।
Pls Comment & share