এখন ব্যতিক্ৰমী বাঁহৰ দলং : পাৰ হওতে আদায় দিব লাগে ভাৰা।
D24NEWSASSAM: এই দলংখন হৈছে ধুবুৰী জিলাৰ আইৰকাটা মৈৰাকুচি সংযোগী পথত থকা এখন ব্যতিক্ৰমী বাঁহৰ দলং।স্হানীয় ব্যক্তিয়ে বাঁহৰ দলং নিৰ্মাণৰে কৰি আহিছে ব্যৱসায় ।সাধাৰণ পথচাৰীৰ পৰা স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰী প্ৰত্যেকে আদায় দিবলগা হয় ভাৰা।দিবই লাগিব, নহলে দলংখনো মালিকে বন্ধ কৰি দিব। যাৰ বাবে নিৰৱে হজম কৰিবলগা হৈছে দলং মালিকৰ নিৰ্দেশ।
বৃহত্তম আইৰকাটা মৈৰাকুচি অঞ্চলৰ জনতাই এদহক ধৰি যাতায়াতৰ নামত ভূগিবলগা হৈছে নৰক যন্ত্ৰণা। উল্লেখ্য যে, কেইবছৰমান পূৰ্বে উক্ত ঠাইখন পকী দলং নিৰ্মাণৰ বাবে স্হাপন কৰা হৈছিল আধাৰশিলা। সেয়াও আছিল এক নিৰ্বাচন কেন্দ্ৰীক আভুৱা বুলি চৰ্চিত হৈছে অঞ্চলটোত। অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলবাসীৰ যাতায়াতৰ ক্ষেত্ৰত সাংসদ বিধায়কে গুৰুত্ব নিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্হানীয় লোকে।
Pls Comment & share