PWD ৰ গাফিলতিৰ ফলতেই জাগীৰোডৰ ডিমৰুগুৰিত দুৰ্ঘটনা ।
প্ৰচণ্ড খুন্দাত ডালতো ভাঙি জাগীৰোডৰ পৰা আহিথকা AS 21 C 5237 যাত্ৰীবাহী টেম্প খনৰ ওপৰতে পৰাৰ ফলত টেম্প খনৰ ক্ষতি হৈছে যদিও গুৰুত্বৰ আঘাতৰ পৰা ৰক্ষা পৰে চালক, শিশুসহ ১০জনকৈ যাত্ৰী।
ঈশ্বৰেহে ৰক্ষা কৰিলে বুলি টেম্প চালক আৰু প্ৰত্যক্ষ দৰ্শী সকলে মন্তব্য কৰাৰ সমান্তৰালকৈ এতিয়া জগৰীয়া কৰিছে PWD বিষয়া কৰ্মচাৰীক। ইমান এটা সদাব্যস্ত পথৰ কাষত আৰু ওপৰত থকা বৃহৎ বৃহৎ গছবোৰে যে বিপদ ঘটাব সেই কথা সহজেই অনুমেয় ।
তথাপিও কি কাৰণত এনেদৰে এতিয়াও গছবোৰ কটা হোৱা নাই তাকেলৈ চিন্তিত হৈছে স্থানীয় ৰাইজ। নে এনেদৰে দুৰ্ঘটনাত পতিত হৈ যাত্ৰী সকলে মৃত্যুবৰণ কৰাৰ পাছতহে সাৰ পাব PWD ৰ বিষয়া!
Pls Comment & share