ধিঙত "APART" আচঁনিৰ বজাৰ গৃহ আৰু শৌচালয় নিৰ্মাণত অনিয়ম। ড০ হিমন্ত বিশ্ব শর্মাৰ নিৰ্দেশৰ পিছতো মৰসাহ গড়কাপ্তানী বিভাগৰ বিষয়া আৰু ঠিকাদাৰৰ ।
D24 NEWS ASSAM : নগাঁও জিলাৰ নিজ ধিঙত APART আচঁনিৰ অধীনত নিৰ্মিত বজাৰ গৃহ আৰু শৌচালয় নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি আৰু অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হৈছে । ৰাজ্য চৰকাৰে ধিং মাৰ্কেটিং বৰ্ডৰ অধীনস্থ নিজ ধিং নিয়ন্ত্রিত বজাৰৰ উন্নয়নৰ বাবে তিনি কোটিতকৈ অধিক টকা আবন্টন দিছে । গড়কাপ্তানী বিভাগৰ বিল্ডিং ডিভিজনৰ তত্বাৱধানত কেইবাটাও বজাৰ গৃহৰ লগতে শৌচালয়ৰ নিৰ্মাণ কাৰ্য্য চলি আছে ।
এই নিৰ্মাণ কাৰ্য্যৰ ঠিকা লাভ কৰিছে আগৰৱালা উপাধিৰ এজন ঠিকাদাৰে । গড়কাপ্তানী বিভাগৰ জুনিয়ৰ ইঞ্জিনীয়াৰ ভাস্কৰ নাথ আৰু ঠিকাদাৰ জনে অতি সংগোপনে দিনে নিশাই নিৰ্মাণ কাৰ্য্য চলাই গৈছে ।
অনুষ্ঠানিকতা অবিহনে আৰু স্থানীয় ব্যৱসায়ীক অন্ধকাৰত ৰাখি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কাৰ্য্য চলাই যোৱাত জাঙুৰ খাই উঠিছে ব্যৱসায়ী সকল । এই ক্ষেত্ৰত ধিং মাৰ্কেটিং বৰ্ডৰ সচিব আৰু জুনিয়ৰ ইঞ্জিনীয়াৰ জনো মৌনতা অৱলম্বন কৰিছে । যাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।
চাওঁক এই দৃশ্য হাতেৰে সহজতে ভাঙিব পাৰি এইবোৰ ইটা ।
ব্যৱহাৰ কৰিছে ম্যাদ ওকলি যোৱা চিমেন্ট ।
যি সময়ত মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই দুৰ্নীতিৰ বিৰুদ্ধে সবল ভূমিকা লৈছে সেই সময়ত একাংশ বিষয়া আৰু ঠিকাদাৰে দূৰ্নীতি সংঘটিত কৰিবলৈ মৰসাহ কৰিছে । নিজ ধিং বজাৰৰ গৃহ আৰু শৌচালয় নিৰ্মাণৰ নামত সংঘটিত ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ সন্দৰ্ভত মূখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে স্থানীয় ৰাইজ তথা ব্যৱসায়ী সকলে ।ধিঙৰ পৰা ছাইফুল ইছলামৰ ৰিৰ্পট ।।
Pls Comment & share