বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ৰূপালী জয়ন্তী ৰ আৰম্ভণি ।
D24 NEWS ASSAM :আজিৰ পৰা বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰূপালী জয়ন্তী । প্ৰথম দিনা পতাকা উত্তোলনৰ লগে লগে এই কাৰ্যসূচী আৰম্ভ হয়। কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত স্বহীদ তৰ্পণ, পতাকা উত্তোলন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জোনাৰম বৰুৱা ।
কঠহগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ খাইৰুলে ইছলামে প্ৰথম দিনা কাৰ্যসূচী অনুসৰি প্ৰতিষ্ঠানটোৰ সৈতে সংগতি ৰাখি প্ৰদূষণ মুক্ত আৰু সেউজিকৰণৰ বাবে বৃক্ষ ৰোপন কাৰ্য্যসূচী শুভাৰম্ভ কৰে ।
বণাৰ্ঢ্য কায্যসুচীৰে অনুষ্ঠিত হোৱা ৰূপালী জয়ন্তীত সাংবাদিক দিব্যজ্যোতি বৰুৱাই কুইজ পৰিচালনা কৰাৰ লগতে হাতীচোং মহাবিদ্যালয়ৰ অধ্যক্ষ লুইত হাজৰিকাই উপস্থিত থকা নবাগত ছাত্ৰ- ছাত্ৰীৰ আদৰণি অনুষ্ঠানৰ লগতে ছাত্ৰী- ছাত্ৰীৰ দ্বাৰা পৰিবেশিত সাংকৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰে ।
মহাবিদ্যালয়খনৰ অধ্যক্ষ, প্ৰবক্তা, শিক্ষাৰ্থী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে দুদিনীয়া কাৰ্যসূচীৰ সময়ত বিনম্ৰতাৰে সকলো লোকৰ সমৰ্থন আৰু সহযোগ বিচাৰিছে।
Pls Comment & share