ধিঙৰ ধূপগুৰি পথাৰত ভূমিকেন্দ্ৰীক সংঘাত
D24 NEWS ASSAM : নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত ধূপগুৰি পথাৰত আজি এক ভূমিকেন্দ্ৰীক সংঘাতে ভয়ানকৰূপ ধাৰন কৰে প্ৰাপ্ত অভিযোগ প্ৰতিঅভিযোগ যে পট্ৰা নং ১০৬ আৰু দাগ নং ২৪৩ থকা ৮ কঠা মাটি মফিজুদ্দিনৰ নামত আছে বুলি দাবী উত্থাপন কৰে মফিজউদ্দিনে।
এই মাটি ডোখৰত বৰ্তমান মফিজুদ্দিনৰ পুত্ৰ ঘৰ সাজি বসবাস কৰি আছে বুলি জানিবলৈ দিয়ে মফিজ উদ্দিনে। উক্ত মাটি ডোখৰত আজি মফিজ উদ্দিনৰ বৰপুত্ৰ খেতিৰ কামত অহা দেখি খুৰা হাবিজ উদ্দিনে আক্ৰমণ কৰে বুলি অভিযোগ উত্থাপিত কৰে মফিজুদ্দিনে।
ইপিনে উক্ত মাটি ডোখৰ হাফিজউদ্দিনে তেওঁৰ নিজৰ বুলি দাবী উখাপন কৰে । ইপিনে মফিজ উদ্দিনৰ পৰিয়ালে হাফিজ উদ্দিনৰ লগতে পৰিয়ালক আক্ৰমণ কৰে বুলি জানিব দিয়ে হাবিজ উদ্দিনে। উক্ত ঘটনা সন্দৰ্ভত দুয়ো পক্ষে ধিং থানাত এজাহাৰ দাখিল কৰে বুলি জানিব পৰা গৈছে।
Pls Comment & share