ধিং মৈৰাবাৰী গড়কাপ্তানি পথৰ শোচনীয় অৱস্থা : জনপ্ৰতিনিধি গৰাকীৰ নিস্কৃয়তাৰ ফলতেই যাতায়ত ব্যবস্থাৰ বিধ্বস্ত ৰূপ।
আজিৰ তাৰিখত অসমৰ ১২৬ সমষ্টিৰ ভিতৰত আটাইতকৈ দূৰ্ভগীয়া সমষ্টি হিচাপে যদি কোনোবাই প্ৰশ্ন কৰে তেনেহলে সকলোৰে মুখে মুখে এটাই উত্তৰ পোৱা যাব সেইটোৱেই হব ৮৩নং ধিং বিধান সভা সমষ্টি । ধিঙৰ জনপ্ৰতিনিধি গৰাকীৰ নিস্কৃয়তাৰ ফলতেই আজি ধিং সমষ্টি সকলো দিশতে পিছ পৰি থাকিব লগাত পৰিছে । একো একোটা অঞ্চলৰ উন্নয়ন নিৰ্ভৰ কৰে সেই অঞ্চলৰ যাতায়ত ব্যবস্থাৰ ওপৰত । যিবোৰ অঞ্চলৰ যাতায়ত ব্যবস্থা বিধ্বস্ত হৈ পৰে সেইবোৰ অঞ্চলৰ উন্নয়নৰ গতিও স্তব্ধ হৈ পৰে ধিং সমষ্টিৰ ক্ষেত্ৰতো একে দশা পৰিলক্ষিত হৈছে ।
৮৩নং ধিং সমষ্টিৰ মুখ্য পথ হিচাপে চিহ্নিত ধিং - মৈৰাবাৰী গড়কাপ্তানি পথটিৰ অৱস্থা ইমানেই শোচনীয় যে যিটো পথেৰে এবাৰ যাতায়ত কৰিলে দিত্বীয়বাৰ যোৱাৰ কথা চিন্তা কৰিব লগাত পৰে । উল্লেখ্য যে মৈৰাবাৰী লাহৰিঘাটকে আদি কৰি এক বৃহত্তৰ অঞ্চলৰ ৰাইজে জৰুৰী অৱস্থাত ধিং বা নগাঁৱলৈ যাব লগা হলেও অতি কষ্টৰে এই সাত কিলোমিটাৰ পথ অতিক্ৰম কৰিব লগাত পৰে বিগত প্ৰায় চাৰি পাঁচ বছৰে ৰাইজে এই দূৰ্ভোগ ভোগ কৰি আহিছে । কেৱল এয়াই নহয় ধিং সমষ্টিত সম্প্ৰতি কৃষিৰ পৰা আৰম্ভ কৰি শিক্ষা- দিক্ষা স্বাস্থ্য, গড়াখহনীয়া , ৰাস্তা-ঘাট আদি সকলোৱেই সম্প্ৰতি বিধ্বস্ত হৈ পৰিছে ।
কেৱল ধৰ্মৰ আবেগেৰে বাৰে বাৰে ধিং সমষ্টিক প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা লাভ কৰা এই গৰাকী জনপ্ৰতিনিধিৰ বিৰুদ্ধে ধিঙত যিকোনো সময়তেই গন আন্দোলনে গা কৰি উঠাৰ প্ৰবণতা প্ৰকট হৈ পৰিছে । আনহাতে বিৰোধী বিধায়ক হিছাপে সমষ্টিৰ উন্নয়নমূলক কাম কাজৰ বাবে চৰকাৰে পুজিৰ আবন্টন নিদিয়ে বুলি ৰাইজক প্ৰতীয়মান নিয়াবলৈ চেষ্টা কৰি আহিছে যদিও ৰাইজে বৰ্তমান তেওঁৰ কথাত কোনো গুৰুত্ব আৰোপ কৰা নাই যিহেতু বিৰোধীৰ বিধায়ক থকা সমষ্টি সমূহতো উন্নয়নমূলক কাম কাজ চলি আহিছে তেনেক্ষেত্ৰত ধিং সমষ্টিত উন্নয়নমূলক কাম কাজৰ বাবে পুজি আবন্টন কৰিব নোৱাৰাৰ দোষ কাৰ বুলিও ৰাইজে প্ৰশ্ন কৰিছে ।
Pls Comment & share